ৰঙিয়াত জন্মাষ্টমী উপলক্ষে গেৰুৱা বসন পৰিধান কৰি বিশাল ধৰ্মীয় শোভাযাত্ৰা - Janmastami celebrated in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16143420-thumbnail-3x2-yaali.jpg)
আজি ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হৈছে জন্মাষ্টমী (Janmastami celebrated in Assam) ৷ ইয়াৰ মাজতে ৰঙিয়াত শুকুৰবাৰে জন্মাষ্টমী উপলক্ষে গেৰুৱা বসন পৰিধান কৰি বাইক ৰেলীৰে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় (Janmastami celebrated at Rangia)৷ ৰঙিয়াৰ ছোচাইটি চ’কৰ পৰা আৰম্ভ কৰি ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰা এই ৰেলীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ এই বাৰেৰহণীয়া শোভাযাত্ৰাটো উদ্বোধন কৰি ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ধৰ্ম প্ৰতিষ্ঠিত কৰাৰ বাবেই কৃষ্ণৰ জন্ম হৈছিল ৷ লগতে ভগৱান শ্ৰীকৃষ্ণই অন্যায়ৰ বিৰুদ্ধে যুজি ন্যায় প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে কলিতাই ৷
Last Updated : Feb 3, 2023, 8:26 PM IST