thumbnail

By

Published : Aug 6, 2023, 2:57 PM IST

ETV Bharat / Videos

Amrit Bharat Station in Hojai: হোজাইত অমৃত ভাৰত ষ্টেচনৰ শিলান্যাস

হোজাই, ৬ আগষ্ট: দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিব কেন্দ্ৰই । এই ৫০৮ টা ষ্টেচনৰ ভিতৰত আছে হোজাই জিলাৰো তিনিতকৈ ৰে'লৱে ষ্টেচনৰ নাম । দেওবাৰে অৰ্থাৎ ৬ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিয়াৰ বাবে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে শিলান্যাস কৰে ।  

এই অমৃত ভাৰত ষ্টেচনত লামডিং মণ্ডলৰো ১৫ টাকৈ ষ্টেচনৰ শিলান্যাস কৰে ৷ তাৰে তিনিটা হোজাই জিলাৰ লামডিং ৰে'লৱে ষ্টেচন (৪০কোটি) , লংকা(৩০.১ কোটি), হোজাই (৩০.১৯ কোটি) টকাৰ ব্যয় সাপেক্ষে আগন্তুক ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ পৰা গৈছে  ৷  

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অমৃত ভাৰত ষ্টেচনৰ জৰিয়তে যাত্ৰীসকলক উন্নত মানৰ সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰে'লৱে ষ্টেচনসমূহক উন্নীতকৰণ কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছে । উল্লেখযোগ্য যে অসমত পুনৰ বিকাশ হ'ব ৩২টা ষ্টেচনৰ । ২৫ হাজাৰ কোটি বিনিয়োগ কৰা হ'ব ৫০৮ টা ষ্টেচন নিৰ্মাণত । অসমত ৩২ টা ষ্টেচন পুনৰ নিৰ্মাণত ৯৯০ কোটি টকাৰ বিনিয়োগ হ'ব । 

লগতে পঢ়ক: BJP Worker found dead in Nalbari: মৰাপাগলদিয়াৰ পাৰত উদ্ধাৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.