thumbnail

By

Published : Jan 27, 2023, 7:28 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Foundation stone laying of Rash temple : ৰামপুৰত ৰাইজৰ অনুদানেৰে নিৰ্মাণ হ'ব বিশাল ৰাস মন্দিৰ

নলবাৰী,২৭ জানুৱাৰী : নামনি অসমৰ ৰাস মহোৎসৱ বুলি ক'লে নলবাৰী জিলাৰ এক সুকীয়া স্থান আছে । নলবাৰী জিলাৰ হৰিমন্দিৰ প্ৰাঙ্গনৰ ৰাস দেশজুৰি বিখ্যাত (Nalbari Rash Mahotsav)। অৱশ্যে হৰিমন্দিৰৰ উপৰিও জিলাখনৰ বিভিন্ন স্থানত ৰাস মহোৎসৱৰ আয়োজন কৰা হয় । তাৰ ভিতৰত ৰামপুৰৰ গোপাল থান প্ৰাঙ্গণতো বছৰি বিশাল কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হয় ।

এইবাৰ ৰামপুৰৰ গোপাল থান প্ৰাঙ্গণত নিৰ্মাণ কৰা হ'ব ৮০ লাখ টকা ব্যয় সাপেক্ষ ৰাস মন্দিৰ (Rash Mandir construction in Rampur Nalbari)। কেৱল ৰাইজৰ দান বৰঙণিৰে প্ৰায় ৮০ লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ ৰাস মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । তাৰ লগত সংগতি ৰাখি শুকুৰবাৰে ৰামপুৰত মাংগলিক কাৰ্যসূচীৰে ৰাস মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ।

ঐতিহ্যমণ্ডিত ৰামপুৰ গোপাল থান প্ৰাঙ্গণত নিৰ্মাণ কৰা হ'ব এই আটকধুনীয়া ৰাস মন্দিৰটো । ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ প্ৰচেষ্টাত ৰাইজৰ দান বৰঙণিৰে এই ৰাস মন্দিৰটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় । জানিব পৰা মতে ৰাস মন্দিৰটোৰ নিৰ্মাণ কাৰ্যত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে সহযোগিতা আগবঢ়াইছে । ৰাস মন্দিৰটোৰ আধাৰশিলা স্থাপনৰ পূৰ্বে ধৰ্মীয় ৰীতি-নীতিৰে ভূমি পূজন কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলে ।

ভূমি পূজন কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে অঞ্চলটোৰ লোকসকলে । ভূমি পূজনৰ পাছত কেইবখনো গাঁৱৰ ৰাইজৰ উপস্থিতিত ৰাস মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation stone laying of Rash temple at Rampur)। ইফালে ৰামপুৰৰ ৰাস মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ভূমি পূজন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ যুৱক-যুৱতীকে ধৰি জ্যেষ্ঠ নাগৰিকসকলে অংশগ্ৰহণ কৰে ।

ইফালে কোনো ধৰণৰ বিসংগতি অবিহনে শীঘ্ৰে আটকধুনীয়া ৰাস মন্দিৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলিও আশাবাদী গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে । সমান্তৰালকৈ ৰাইজৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগিতাৰো কামনা কৰিছে উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.