thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:44 PM IST

ETV Bharat / Videos

Foreign cigarette seized : মহানগৰীত কুৰিয়াৰ ছাৰ্ভিচৰ পৰা জব্দ ২.৫ কোটি টকাৰ বিদেশী চিগাৰেট

গুৱাহাটী, ১৩ অক্টোবৰ: গুৱাহাটী মহানগৰীত সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট ৷ তিনি দিনৰ অভিযানত জব্দ প্ৰায় ২.৫ কোটি টকাৰ বিদেশী চিগাৰেট ৷ গুৱাহাটীৰ তিনিটা কুৰিয়াৰ ছাৰ্ভিচৰ পৰা জব্দ হৈছে এই চিগাৰেটখিনি ৷ সীমা শুল্ক বিভাগৰ বিষয়াই  উল্লেখ কৰা অনুসৰি ম্যানমাৰৰ পৰা গুৱাহাটীৰ মাজেৰে সৰবৰাহৰ চেষ্টা চলাওতেই জব্দ হয় চিগাৰেটখিনি ৷

সীমা শুল্ক বিভাগৰ বিষয়াই কয় যে চিগাৰেটখিনি অসমৰ পৰা বিভিন্ন ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ৷ দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ কোৰিয়ান চিগাৰেটবিধ  জব্দ কৰা হৈছে ৷ উল্লেখ্য় যে পেকেটত কোনোধৰণৰ সতৰ্কবাণী নথকাৰ বাবেই ভাৰতত নিষিদ্ধ কৰা হৈছে এইবিধ চিগাৰেট ৷ সীমা শুল্ক বিভাগে প্ৰথম দিনা অভিযান চলাই ২৭ লাখ, দ্বিতীয় দিনা ৩৫ লাখ আৰু তৃতীয় দিনা  ১.৮২ কোটি টকাৰ কোৰিয়ান চিগাৰেট জব্দ কৰে ।

উল্লেখ্য যে বিগত বৰ্ষতো সীমা শুল্ক বিভাগে জব্দ কৰিছিল ১৩.৮৩ কোটি টকাৰ বিদেশী চিগাৰেট ৷ কেবল ইমানেই নহয়, বিগত বৰ্ষত ১৫ কোটিৰ মৰ্ফিন, ৫০ লাখৰ হেৰ'ইন আৰু ২০০ কোটিৰ চুপাৰিও জব্দ হৈছিল ৷

লগতে পঢ়ক:Demand for land patta in Guwahati : গুৱাহাটীৰ পাহাৰত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ কি হ'ব ভৱিষ্যৎ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.