Fire Break out : নলবাৰীৰ অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানৰ পেণ্ডেলত অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:37 PM IST

thumbnail

নলবাৰী, ১১ অক্টোবৰ : নলবাৰীৰ গৰ্ডন খেলপথাৰত অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানত অঘটন । সভা আৰম্ভণিৰ প্ৰাকক্ষণতে হঠাৎ জ্বলি উঠিল অস্থায়ী পেণ্ডেলটো ৷ চৰ্ট শ্বাৰ্কিটৰ ফলত পেণ্ডেলৰ ছিলিঙত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটনা সংঘটিত হয় । ইয়াৰ পিচতে অনুষ্ঠানটোত উপস্থিত ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। 

লগে লগে প্ৰশাসনৰ লোকে অধিক তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে উপস্থিত ৰাইজ । উল্লেখযোগ্য যে, আজি নলবাৰী গৰ্ডন খেলপথাৰত নলবাৰী জিলাৰ অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত সহাস্ৰাধিক মহিলা উপস্থিত হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি শাম কটাত সুকলমে অনুষ্ঠান অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Drugs peddler arrested: বেহাৰবাৰীত এছটিএফৰ অভিযান, গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.