ৰাহুলৰ ন্যায় যাত্ৰাত আইন ভংগৰ অভিযোগ; যোৰহাটত প্ৰথমটো গোচৰ ৰুজু - Rahul Gandhi in Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-01-2024/640-480-20541871-thumbnail-16x9-rahul.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 18, 2024, 10:33 PM IST
যোৰহাট, 18 জানুৱাৰী: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত বিঘিনি । মৰিয়নীৰ পৰা যোৰহাটলৈ উলিওৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিভিন্ন ক্ষেত্ৰত চৰকাৰী নীতি-নিয়ম আৰু আইন অমান্য কৰাৰ বাবে ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মণিপুৰৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰাৰ ন্যায় যাত্ৰাই আজি মৰিয়নীৰ পৰা যোৰহাটত প্ৰৱেশ কৰা সময়ত ৰাইজৰ সমাগম অধিক হোৱাৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল ।
কিন্তু ৰাইজৰ উপস্থিতিৰ উমান পোৱাৰ পিছতো প্ৰশাসনে আগতীয়াকৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি একাংশ লোকে প্ৰশ্ন উথাপন কৰে । তাৎপৰ্যপূৰ্ণ যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ ৰজু কৰিছে যদিও কেচ সংখ্যা বা কি কি ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই সম্পৰ্কে প্ৰকাশ নাই ৷
লগতে পঢ়ক: আৰক্ষী-প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ন্যায় যাত্রাক বাধা দিয়াৰ চেষ্টা চলিছে: গৌৰৱ গগৈ