thumbnail

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 9:27 AM IST

ETV Bharat / Videos

ডাঠ কুঁৱলীৰ বাবে অফলামুখ-নিমাতী ঘাটৰ মাজত ফেৰী চলাচলত বাধা

মাজুলী, 19 ডিচেম্বৰ : মঙলবাৰে পুৱা ডাঠ কুঁৱলীৰ বাবে অফলামুখ-নিমাতী ঘাটৰ মাজত ফেৰী চলাচলত বাধাৰ সৃষ্টি হৈছে । পুৱা 7.30 ৰ পৰা চলিবলগীয়া ফেৰী সেৱা ডাঠ কুঁৱলীৰ বাবে বাতৰি সংগ্ৰহ কৰা সময়লৈকে মুকলি কৰিব পৰা হোৱা নাই  ৷ ফলত ঘাটত যাত্ৰীসকল আৱদ্ধ হৈ পৰিবলগীয়া হৈছে । 

জানিব পৰামতে, বৰ্তমান দুয়োটা পাৰঘাটতে ৰখাই থোৱা আছে চলাচল কৰিব লগা ফেৰীসমূহ । পাৰাপাৰ হ’বলৈ বিভিন্ন স্থানৰ পৰা যাত্ৰীসকল আহিছে যদিও নৈত কুঁৱলী নকমা পৰ্যন্ত ফেৰী মুকলি কৰা নহয় বুলি জানিবলৈ দিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াই ৷ যাত্ৰীৰ জীৱন সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰীসমূহৰ চলাচল বন্ধ থাকিব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে ।

লগতে পঢ়ক: মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ পৰিদৰ্শন বিধায়ক ভুৱন গামৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.