Wild elephant death: ৰঙাপৰাত জংঘলৰ পিতনিত মৃত বনৰীয়া হাতী উদ্ধাৰ - Wild elephant death
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-07-2023/640-480-19076274-thumbnail-16x9-ajp4466878877o.jpg)
ৰঙাপৰা, 23 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে এটা মৃত বনৰীয়া হাতী উদ্ধাৰ কৰা হৈছে ৷ অতি দুৰ্গম অঞ্চলৰ পিতনিৰ মাজত উদ্ধাৰ হৈছে মৃত হাতীটো ৷
প্ৰাপ্ত তথ্য অনুসৰি পুৱাৰ ভাগত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত অতি ভিতৰুৱা বৈষাগুৰিৰ মিলনপুৰ গাঁৱৰ জংঘলৰ মাজত মতা বনৰীয়া হাতী এটা মৃত অৱস্থাত পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। আজিৰে পৰা দুদিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইফালে ঘটনাৰ সন্দৰ্ভত ৰাইজে আমাৰীবাৰী বন বিভাগক খবৰ দিয়াৰ পিচত বন বিভাগৰ লগতে ৰঙাপৰা আৰক্ষীৰ এটা দল বৈষাগুৰি মিলনপুৰত উপস্থিত হয়।
জনশূন্য এলেকাৰ পিতনিৰ মাজত বন্যহস্তীটোৰ কেনেকৈ মৃত্যু ঘটিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ ইফালে ঘটনাৰ সন্দৰ্ভত আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া ৰাজু শইকীয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: Brutal murder case: ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক