Woman harassment: পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা, সন্তানসহ মহিলাক উদ্ধাৰ - Woman harassment by husband
🎬 Watch Now: Feature Video
Published : Nov 6, 2023, 4:43 PM IST
নলবাৰী, ৬ নৱেম্বৰ : নলবাৰীত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৷ নলবাৰী জিলাৰ বৰসৰকুছিত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনা অনুসৰি ধমধমাৰ ভূপালী ৰাজবংশীয়ে ২০২০ চনত নলবাৰীৰ বৰসৰকুছিৰ উৎপল হালৈৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল ৷ প্ৰথমে সকলো ঠিকেই আছিল ৷ কিন্তু দিন বাগৰি যোৱাৰ লগে লগে উৎপল হালৈয়ে দানৱ সদৃশ ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে ৷ পত্নী ভূপালী ৰাজবংশীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ আৰম্ভ কৰিলে স্বামীয়ে ৷
কিন্তু এসময়ত ধৈৰ্য্যৰ সীমা পাৰ হ’ল ভূপালীৰ ৷ পৰৱৰ্তী সময়ত এই কথা মাতৃগৃহক অৱগত কৰে ভূপালীয়ে ৷ দীৰ্ঘ সময়ৰ অন্তত উপায়বিহীন হৈ ভূপালীৰ পৰিয়ালে সোমবাৰে নলবাৰী সদৰ থানাত স্বামী উৎপল হালৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ তাৰ পিচতে নলবাৰী আৰক্ষীৰ সহায়ত মাতৃগৃহৰ পৰিয়ালেে স্বামীগৃহৰ পৰা ভূপালীৰ লগতে তিনি বছৰীয়া পুত্ৰ সন্তানক উদ্ধাৰ কৰি নলবাৰী সদৰ আৰক্ষী থানালৈ লৈ আহে ৷ ইতিমধ্যে ভূপালীৰ মাতৃগৃহই উৎপল হালৈৰ বিৰুদ্ধে অনেক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক :Illegal wood seized: পুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ