thumbnail

By

Published : Feb 13, 2023, 7:45 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

AJ Hospital Nagaon : নগাঁৱৰ এ জে হস্পিতালত সফলতাৰে সম্পন্ন ৬ ঘণ্টাজোৰা জটিল অস্ত্ৰোপচাৰ

নগাঁও, 13 ফেব্ৰুৱাৰী : নগাঁৱৰ মৰিকলংস্থিত এ জে হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত (AJ Hospital and Research Centre Nagaon) সফলতাৰে সম্পন্ন হয় এক জটিল অস্ত্ৰোপচাৰ ৷ আব্দুল মজিদ নামৰ এগৰাকী ব্যক্তি আক্ৰান্ত হৈছিল এক জটিল ৰোগত ৷ আব্দুল মজিদৰ বৃহদান্ত্ৰত দেখা দিছিল বহুকেইটা টিউমাৰে । যি টিউমাৰৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা থকা কথা ব্যক্ত কৰে এ জে হস্পিতাল এণ্ড ৰিচাৰ্জ চেণ্টাৰৰ স্বত্বাধিকাৰী তথা শৈল্য চিকিৎসক ছফিকুল ইছলামে । 

এনে এক জটিল ৰোগত আক্ৰান্ত আব্দুল মজিদ অৱশেষত কাষ চাপে চিকিৎসক ছফিকুল ইছলামৰ (Dr Shafiqul Islam)। পিচত নগাঁৱৰ এ জে হাস্পতালত ভৰ্তি কৰোৱা ৰোগী আব্দুল মছজিদৰ দেওবাৰে নিশা সম্পন্ন হয় অস্ত্ৰোপচাৰ । গুৱাহাটীৰ কৰ্কট ৰোগৰ শৈল্য চিকিৎসক ডাঃ জয়দেৱ পুৰকায়স্থৰ সহযোগত দেওবাৰে নিশা আব্দুল মজিদৰ এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ ছফিকুল ইছলামে (Critical tumor operation in Nagaon)।

উক্ত অস্ত্ৰোপচাৰৰ বাবে ৬ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল চিকিৎসকৰ ৷ ৬ ঘণ্টাত সফলাতৰে সম্পন্ন হোৱা এই অস্ত্ৰোপচাৰ নগাঁৱত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা বুলিও দাবী কৰে ডাঃ ছফিকুল ইছলামে । নগাঁৱৰ এ জে হাস্পতালতে ভৰ্তি হৈ থকা আব্দুল মজিদৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিচত সম্প্ৰতি আব্দুল মজিদ বিপদমুক্ত বুলিও সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে চিকিৎসক ছফিকুল ইছলামে (Rare operation in Nagaon)।

৬ ঘণ্টাজোৰা এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিচত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে আব্দুল মজিদৰ পৰিয়ালৰ লোকে । উল্লেখযোগ্য যে, নগাঁৱৰ এইখন এ জে হস্পিতাল এণ্ড ৰিচাৰ্চ চেন্টাৰত পূৰ্বেও কেবাটাও জটিল অস্ত্ৰোচাৰ সম্পন্ন হৈছিল ।

লগতে পঢ়ক: Protest in Nalbari: অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে স্থৱিৰ হৈ পৰিল নলবাৰী চহৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.