thumbnail

Issues of small tea growers: দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ গুৱাহাটীত সন্মিলন

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:24 AM IST

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ গুৱাহাটীত সন্মিলন । ছলিডাৰিদেদ এছিয়া আৰু ভাৰতীয় ক্ষুদ্ৰ চাহ উৎপাদন সংস্থাৰ যুটীয়া উদ্যোগত গুৱাহাটীত শুকুৰবাৰে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্মিলন অনুষ্ঠিত হয় । ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ সমাধানৰ আহ্বান জনাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ।

চাহৰ খণ্ডত প্ৰত্যাহ্বান আৰু সুযোগৰ মোকাবিলা কৰিবলৈ বিশেষজ্ঞ আৰু সমগ্ৰ ভাৰতৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু উদ্যোগৰ নেতাসকলৰ বাবে এই সন্মিলনে এক মঞ্চ প্ৰদান কৰে । সন্মিলনখনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে দৈনিক সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে ।

সন্মিলনত উপস্থিত থাকি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই কয়, ‘অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা আছে । বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাতৰ উচিত মূল্য নাপায় । কেঁচাপাত উৎপাদনত যিমান ব্যয় হয় তাতকৈ বহু কম মূল্যত কেঁচাপাত বিক্ৰী কৰিবলগীয়া হয় । তিনিচুকীয়া জিলাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা অধিক বেয়া । মিনি ফেক্টৰী নোহোৱাৰ বাবে এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচাপাতৰ বজাৰখন এতিয়া একচেতীয়াভাৱে চলি আছে বুলি মন্তব্য কৰে ৰাজেন বৰাই ।

লগতে পঢ়ক : Workshop of Small Tea Growers:ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.