Chutia Students Union: যোৰহাটত চুতীয়া ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ - Chief Convenor of Asom Sena

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:12 PM IST

যোৰহাট, ১০ ছেপ্টেম্বৰ: সদৌ অসম চুতীয়া জাতি ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজিৰে পৰা উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ বীৰাংগণা সাধনী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে । ইয়াকে লৈ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বীৰাংগণা সাধনী ক্ষেত্ৰত । দেওবাৰে অষ্টাদশ অধিবেশনৰ আদৰণি সমিতি মূল তোৰণ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে মুকলি কৰাৰ লগে লগে আৰম্ভ হয় প্ৰথম দিনাৰ কাৰ্যসূচী ।  

তোৰণ মুকলি কৰি বিজয় শংকৰ বৰদলৈয়ে কয় যে অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী চুতীয়া জাতি উন্নয়নৰ বাবে শৈক্ষিক, অৰ্থনৈতিক আদি কৰি বিভিন্ন ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । এই ক্ষেত্ৰত ৰজাঘৰৰ ওচৰত প্ৰৱল দাৱী উথাপন কৰিৱ লাগিব বুলি তেওঁ কয় । 

আনহাতে, আজি এই অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে অন্য জাতি-জনগোষ্ঠী দৰে ক’ৰবাত চুতীয়া জাতিক কোনোবা এখন চৰকাৰে হেয় প্ৰতিপন্ন কৰি আহিছে বুলি অনুমান হয় । সেয়েহে চুতীয়া জাতি প্ৰাপ্য অধিকাৰ জনজাতি কৰণ আৰু স্বায়ত্ব শাসন ব্যৱস্থা শীঘ্ৰে প্ৰদান কৰিব লাগিব, ইয়াৰ লগতে চুতীয়া জাতিৰ আৱেগ জড়িত পুৰণি কীৰ্তি চিহ্নসমূহ শীঘ্ৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব ।

তেওঁ সমাজিক,অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত অধিক গুৰত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় । এই মূল দাবীসমূহ অষ্টাদশ অধিৱেশনৰ আলোচনাত স্থান পাব বুলি চুতীয়া ছাত্র সন্থাৰ আয়োজকসকলে কয় ।

লগতে পঢ়ক:Tea wine in Assam : প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন লৈ সাজু উদ্যোগী আল্পনা শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.