Body recovered in Gohpur: গহপুৰত শিশুৰ মৃতদেহ উদ্ধাৰ - গহপুৰত পথাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 9, 2023, 5:09 PM IST

বিশ্বনাথ, ৯ মাৰ্চ: বিশ্বনাথ জিলাৰ গহপুৰৰ ককিলা পথাৰত বৃহস্পতিবাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য়ৰ (Childs body recovered in Gohpur)। জিলাখনৰ ককিলা পথাৰত আজি পুৱাই গৰু এৰাল দিবলৈ যোৱাৰ সময়ত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । লগে লগে স্থানীয় ৰাইজে গহপুৰ থানাৰ আৰক্ষী খবৰ দিছে ।

ইতিমধ্য়ে শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ পৰাগজ্যোতি বৰদলৈ বুলি চিনাক্ত হৈছে । উল্লেখ্য় যে, শিশুটিৰ আজি এবছৰীয়া জন্মদিন আছিল । এবছৰীয়া জন্মদিন উপলক্ষে কালি সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটিয়ে দেউতাকৰ লগত ওলাই আহিছিল বজাৰ কৰিবলৈ । ইয়াৰ পিচৰে পৰাই পিতা-পুত্ৰ সন্ধানহীন হৈ আছিল । ৰহস্যজনকভাৱে আজি শিশুটিৰ মৃতদেহটো উদ্ধাৰ হয় । সম্প্ৰতি পিতৃ শচীন বৰদলৈ সন্ধানহীন হৈ আছে । কোনে শিশুটিক হত্য়া কৰি মৃতদেহটো উক্ত স্থানত পেলাই থৈ গৈছে সেয়া জানিব পৰা হোৱা নাই । আনহাতে, শিশুটিৰ পিতৃ সন্ধানহীন হৈ থকাত ঘটনাটো ৰহস্য়ৰ মাজত সোমাই পৰিছে ।

লগতে পঢ়ক: New Medical College in Assam: নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কেশৱ মহন্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.