ST Morcha meeting at Duliajan : দুলীয়াজানত অনুষ্ঠিত বিজেপি ST মৰ্চাৰ কাৰ্যনিবাহক সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল - আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণ কৌশল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18504062-thumbnail-16x9-dib.jpg)
ডিব্ৰুগড়, 14 মে’ : জনজাতীয় লোকসকলক লগত লৈ ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত বিজেপি অনুসূচিত জনজাতি মৰ্চাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই বিজেপিৰ অনুসূচিত জনজাতি মৰ্চা, ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা দেওবাৰে দুলীয়াজানত অনুষ্ঠিত হয় (ST Morcha meeting held at Duliajan) ৷ এই সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal attended ST Morcha meeting at Duliajan) ।
দুলীয়াজান কছাৰী পথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপি এছ টি মৰ্চাৰ কাৰ্যনিবাহকত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণ কৌশল সন্দৰ্ভত আলোচনা কৰে । এছ টি মৰ্চাৰ জিলা সভাপতি নবীন মিলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কাৰ্যনিবাহক সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলটোক আগবঢ়াই লৈ যাবলৈ নিঃস্বাৰ্থভাৱে সকলোকে কাম কৰি যাবলৈ আহ্বান জনায় (Sarbananda Sonowal at Duliajan) ।
এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, অনুসূচিত জনজাতি মৰ্চা, ডিব্ৰুগড় জিলাৰ সভাপতি নবীন মিলি, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে দলীয় আন বিষয়ববীয়াসকল ৷
লগতে পঢ়ক : Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক