thumbnail

By

Published : Jun 20, 2023, 2:19 PM IST

ETV Bharat / Videos

Dhemaji news: ধেমাজিত অঘটন; পিষ্টল পৰিষ্কাৰ কৰি থাকোঁতেই গুলী ফুটি এজনৰ মৃত্যু

ধেমাজি, 20 জুন : ধেমাজি নগৰত অঘটন ৷ ভদ্ৰপাৰাৰ বাসিন্দা বিশিষ্ট ব্যৱসায়ী সদাগৰ বৰুৱাৰ মৃত্যু পিষ্টলৰ গুলীত ৷ পুৱাই মৃত বৰুৱাৰ পত্নী বিদ্যালয়লৈ যোৱাৰ পিচত পুত্ৰ শুই থকা অৱস্থাতে নিজৰ লাইচেঞ্চযুক্ত পিষ্টলটো চাফা কৰি থকা সময়তে ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷ পিষ্টলৰ পৰা গুলী ফুটি মূৰত আঘাত কৰাত মৃত্যু হয় সদাগৰ বৰুৱাৰ ৷ 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা ব্যৱসায়ীজনক সোমবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ আনিছিল পৰিয়ালৰ লোকে ৷ তেওঁ পূৰ্বতকৈ সুস্থ অনুভৱ কৰিছিল বুলি পৰিয়ালে জানিবলৈ দিয়ে ৷ ইতিমধ্যে বাসগৃহত ধেমাজি জিলা আৰক্ষী বিষয়া আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনা নিৰীক্ষণ কৰিছে ৷

অৱশ্যে এই ঘটনাক বহুতে আত্মহত্যা বুলি ক’ব বিচাৰিছে যদিও পৰিয়ালৰ লোকে দুৰ্ঘটনা বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.