Morigaon: মৰিগাঁৱত মাতৃ দুগ্ধ সপ্তাহ কাৰ্যসূচীৰ সফল সামৰণি - মৰিগাঁৱত মাতৃ দুগ্ধ সপ্তাহ কাৰ্যসূচীৰ সফল সামৰণি
🎬 Watch Now: Feature Video
মৰিগাঁও, 8 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোমবাৰে মৰিগাঁৱতো জিলা মাতৃ দুগ্ধ সপ্তাহৰ কাৰ্যসূচী সফল সামৰণি পৰে ৷ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু ভূৰবন্ধা সংহতি শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত মাতৃ দুগ্ধ সপ্তাহৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হয় । সোমবাৰে মৰিগাঁও চহৰৰ মৰিপচতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগন তথা মৰিপচতীয়া অংগণাবাড়ী কেন্দ্ৰৰ কাৰ্যলয়ত অনুষ্ঠিত হয় অনুষ্ঠানটো ৷ মাতৃ দুগ্ধ সপ্তাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্যসেৱিকা সুৰভি ডেকা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
মাতৃ দুগ্ধ সপ্তাহৰ সামৰণি কাৰ্যসূচীত অংশ লৈ মুখ্য সেৱিকা সুৰভি ডেকাই কয় যে, সকলো নৱজাতকৰ বাবে মাতৃ দুগ্ধ একোটা উৎকৃষ্ট প্ৰতিষেধক । সন্তান জন্ম হোৱাৰ পিচতে মাতৃ সুস্থ হৈ থাকিলে দুটোপাল হ’লেও মাতৃ দুগ্ধ পান কৰোৱাতো উচিত । সন্তান জন্মৰ পাচতে একাংশ মাতৃ তথা পৰিয়ালে প্ৰচলিত পৰম্পৰাৰ বাবে ফতিকা, ঘিউ, মৌ নৱজাতকৰ মুখত দিয়ে যদিও সেইয়া নৱজাতকৰ বাবে ক্ষতিকাৰক । এতিয়া বিজ্ঞানৰ যুগ, গতিকে সন্তান জন্মৰ ক্ষেত্ৰত থকা কেতবোৰ পৰম্পৰাৰ সংস্কাৰ কৰিবলৈ সময়ৰ আহবান ।