Afolamukh Ghat : মাজুলীৰ অফলামুখ ফেৰীঘাট পুনৰ স্থানান্তৰিত - Nimati Afolamukh ferry service resumes
🎬 Watch Now: Feature Video
মাজুলী,৩০ এপ্ৰিল: পুনৰ স্থানান্তৰিত হ'ল অফলামুখ পাৰঘাট । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে স্থানান্তৰিত কৰিব লগা হৈছে পাৰঘাট । চৰকাৰী জাহাজসমূহ চলিচে বালিঘাটৰ পৰা ৷ অন্যহাতে গুটীয়া ফেৰীসমূহ পুৰণি ঘাটৰ পৰা চলাচল কৰিছে (Nimati Afolamukh Ropex service) । দুটা স্থানত দুটা ঘাটৰ চলাচল কৰাৰ বাবে হাৰাশাস্তি সন্মুখীন বিভাগৰ লগতে পাৰাপাৰ হ'বলৈ অহা যাত্ৰীসকল (Aflamukh Ghat in Majuli relocated) ।
ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে পানী শুকাই যোৱা অংশত নদীৰ পলস পৰাৰ বাবে জাহাজত গাড়ীসমূহ তোলাৰ ক্ষেত্ৰত অসুবিধা সন্মসুখীন হৈছে যাত্ৰীসকলৰ লগতে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকসকল (Nimati Afolamukh ferry service resumes) । ব্ৰহ্মপুত্ৰ নদীৰ পানী সঘনাই বঢ়া-কমা হৈ থকাৰ বাবে বিগত কেইবামাহ ধৰি এনেকৈ সঘনাই সলনি কৰিব লগা হৈছে অফলামুখ ঘাটৰ স্থান ।
লগতে পঢ়ক: Road accident in Dhemaji: ধেমাজিৰ চিৰিপানীত ভয়ংকৰ পথ দুঘটনাত নিহত দুই