thumbnail

By

Published : Jun 27, 2023, 3:26 PM IST

ETV Bharat / Videos

JJM Scam in Charaideo : বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ৰ বিৰুদ্ধে তদন্ত আৰম্ভ

মৰাণ, ২৭ জুন : অনিয়ম আঙুলিয়াই দিয়া জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল মূড়ৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে । বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ে চৰাইদেউৰ কাকতিবাৰী হাবি গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন মিছন আঁচনিত ব্যাপক অনিয়ম সংঘটিত কৰা অভিযোগৰ ভিত্তিত গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত তদন্ত আৰম্ভ ।

মঙলবাৰে আঁচনিখনত গুৱাহাটীৰ জল জীৱন মিছনৰ কোৱালিটি কণ্ট্ৰ'ল বিষয়াসহ এটি সঁজাতী দল উপস্থিত হৈ আঁচনিখনৰ বিংসগতিবোৰ পৰ্যবেক্ষণ কৰে । বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ৰ কামৰ নমুনা দেখিয়েই খঙত অগ্নিশৰ্মা হৈ পৰে বিষয়াসকল । বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ৰ পাবলগীয়া সকলো ধন মোকলাই নিদিবৰ বাবে সোণাৰিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে আঁচনিখনৰ এনে বিসংগতি দেখুৱাই দিয়াৰ বাবেই কেইমাহমান পূৰ্বে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ে যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীক প্ৰহাৰ কৰি অসমজুৰি বিতৰ্কৰ সূচনা কৰিছিল । ইয়াৰ পাছতে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা খুজিছিল । কিন্তু বৰ্তমান এই ঠিকাদাৰগৰাকীৰ বিৰোধীয়ে তদন্ত আৰম্ভ কৰাত ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে দল-সংগঠনসমূহে ।

লগতে পঢ়ক :Online fraud: প্ৰৱঞ্চনা ! সহজ ধনৰ লোভত পৰি গাঁঠিৰ ধন হেৰুৱালে মাজুলীৰ একাংশই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.