Accident in Dergaon:দেৰগাঁৱত ট্ৰেভেলাৰ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত আহত ২১

By

Published : Jul 20, 2023, 2:26 PM IST

Updated : Jul 20, 2023, 2:59 PM IST

thumbnail

যোৰহাট, ২০ জুলাই: দেৰগাঁৱত ট্ৰেভেলাৰ আৰু এল পি জি টেংকাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ২১ জন লোক । দেৰগাঁৱৰ নেঘেৰটিঙত ৰাজপথত উদঙীয়া গৰুৰ বাবেই সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । ঘটনাৰ বিৱৰণি অনুসৰি গোলাঘাটৰ পৰা যোৰহাট অভিমুখী AS 03BC 0102 নম্বৰৰ ট্ৰেভেলাৰখনক গোলাঘাট পৰা যোৰহাট অভিমুখী বিপৰীত দিশ পৰা অহা এখন এল পি জি টেংকাৰে প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে ট্ৰেভেলাৰখন ।

এই ভয়াৱহ পথ দুৰ্ঘটনাৰ মূল কাৰণটোৱে হ'ল ৰাজপথৰ উদঙীয়া গৰু। ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে এল পি জি টেংকাৰখনে । আনহাতে প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, এই ভয়াৱহ পথ দুৰ্ঘটনাত আহতসকল ভিতৰত শিশুও আছে ।  

আনহাতে, অধিক সংকটজনক অৱস্থাত চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে ট্ৰেভেলাৰখনৰ চালকজনে । ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক দেৰগাঁও অসামৰিক চিকিৎসালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । এই ভয়াৱহ পথ দুঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যৱস্থাত সম্পূৰ্ণৰূপে ব্যাঘাত জন্মে ।

লগতে পঢ়ক:BERNIE BRIDGE CASE : বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

Last Updated : Jul 20, 2023, 2:59 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.