Independence Day 2023:স্বাধীনতা দিৱসৰ বাবে জোৰদাৰ কুচকাৱাজ আৰক্ষী তথা শিক্ষাৰ্থীৰ
🎬 Watch Now: Feature Video
ধেমাজি, 12 আগষ্ট : স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ স্বচ্ছতা অভিযানৰ পৰা আৰম্ভ কৰি গছপুলি ৰোপণলৈকে বিভিন্ন পৰিৱেশ সংৰক্ষণমূলক কাৰ্য হাতত লোৱা হৈছে ৷
ধেমাজিৰ কাছাৰী ময়দানত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ অনুশীলনত ব্যস্ত আৰক্ষী আৰু শিক্ষাৰ্থী ৷ সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি জিলা কাছাৰী ময়দানত ৭৭ সংখ্যক স্বাধীনতা দিৱসটি উদযাপনৰ বাবে যো-জা চলিছে ৷ বিগত ৮ আগষ্টৰ পৰা ধেমাজি কাছাৰী ময়দানত পেৰেডত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, এন চি চি বাহিনী, স্কাউট-গাইড আৰু আৰক্ষীৰ দল অনুশীলনত ব্যস্ত হৈ পৰিছে ৷ এতিয়ালৈক মুঠ ২৩ টা কুচকাৱাজ দলে পুৰ্ণগতিত চলাইছে প্ৰস্তুতি ৷ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সঁহাৰিত সন্তষ্টি প্ৰকাশ কৰিছে কুচকাৱাজ দলৰ পৰিচালকে ৷
লগতে পঢ়ক : Swachh Bharat Abhiyan:সৰুপথাৰ গাওঁৰক্ষী বাহিনীৰ স্বচ্ছ ভাৰত অভিযান