বৰপেটাত দৌল মহোৎসৱত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰে পৰা আৰম্ভ হৈছে দৌল মহোৎসৱ ৷ অসমৰ দৌল মহোৎসৱ বুলিলে বৰপেটা সত্ৰৰ কথাই পোনচাটে মনলৈ আহে ৷ সত্ৰনগৰী বৰপেটাতো এইবেলি 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দৌল মহোৎসৱ (Holi celebration in Barpeta Satra 2022) ৷ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱৰ প্ৰথমদিনাৰ কাৰ্যসূচী হিচাপে বুধবাৰে বহ্নুৎসৱ বা গন্ধযাত্ৰা অনুষ্ঠিত (Holi celebration in Barpeta Satra) হয় ৷ সেই অনুসৰি বুধবাৰে বিয়লি মণিকূট গৃহত থকা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক সত্ৰৰ ৰীতি পৰম্পৰা অনুসৰি মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰা হয় ৷ অধিবাস সম্পন্ন কৰাৰ পিছত নিয়ম অনুসৰি, দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক সত্ৰৰ টুপৰ চোতালত সজা মেজিৰ জুই পুৱাবলৈ নিয়া হয় ৷ পৰৱৰ্তী সময়ত একেখন চোতালতে সজা মেজিৰ চৌপাশে ৭ বাৰ প্ৰদক্ষিণ কৰাই দুয়োজনা গোঁসাইক যোগমোহন গৃহলৈ নিয়া হয় ৷ যোগমোহন গৃহত ৰখা গোঁসাইক নক্ষত্ৰৰ ক্ষণ গণনা অনুসৰি, নিশা প্ৰায় ১২ বজাত দৌলগৃহৰ ৭ টা চিৰি ৭ বাৰ প্ৰদক্ষিণ কৰাই দৌলগৃহৰ চৌদোলাত গোঁসাইক আৰোহণ কৰোৱা হয় ৷ গোন্ধযাত্ৰা উপলক্ষে সত্ৰৰ চোতালত বৰপেটাৰ স্বকীয় আতচবাজী প্ৰদৰ্শন কৰা হয় ৷ বৰপেটাৰ থলুৱা কাৰিকৰসকলে প্ৰস্তুত কৰা আতচবাজীৰ ৰং-বিৰঙী পোহৰত উদ্ভাসিত হৈ উঠে সত্ৰৰ কীৰ্তনঘৰ চৌপাশ ৷ আতচবাজীৰ লগতে বৰপেটাৰ দৌল মহোৎসৱৰ প্ৰাচীন পৰম্পৰা অনুসৰি ফানুচ উৰোৱা হয় ৷ আবেলি ভাগত দৌল মহোৎসৱৰ গোঁসায়ে মেজি পুৱা চাবলৈ সত্ৰ চৌহদত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় ৷ কাৰ্যক্ৰমণিকা অনুসৰি, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বৰপেটা সত্ৰত ভৰদৌল আৰু শনিবাৰে সুঁৱেৰী অনুষ্ঠিত হ’ব ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.