thumbnail

By

Published : Nov 23, 2019, 5:12 PM IST

Updated : Nov 23, 2019, 5:36 PM IST

ETV Bharat / Videos

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ আপচুৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত অল অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চমুকৈ আপচুৱে যোৱা 18 নৱেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতে অৰুণাচল প্ৰদেশ চৰকাৰে সমগ্ৰ বিষয়ৰ ওপৰত গৃহ মন্ত্ৰী বামেং ফিলিছৰ নেতৃত্বত এখন কমিটি গঠন কৰি ছাত্ৰ সংগঠন আৰু সাধাৰণ মানুহৰ লগত আলোচনা কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গৃহ মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিবলৈ দিল্লী লৈ ৰাওনা হৈছে। এই সমগ্ৰ বিষয়ে ছাত্ৰ সংগঠন আপচুৰ মুখপাত্ৰ নেফা ৱাংচাৰ ইটিভিৰ লগত এক সাক্ষাৎকাৰত জনায় যে তেওঁলোক আশাবাদী কিয়নো মুখ্যমন্ত্ৰী য়ে এক সুখবৰ আনিব ৰাজ্যখনলৈ । আনহাতে তেওঁ জনায় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম হ'ব লাগে তাত কোনো দ্বিমত নাই কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ কৰিলে অৰুণাচল পুনৰ অগ্নিগৰ্ভা হৈ পৰিব। চাওক আমাৰ এই প্ৰতিবেদন ।
Last Updated : Nov 23, 2019, 5:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.