Drugs seized: তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ'ইন জব্দ

By

Published : Dec 10, 2022, 2:11 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Raid against drugs)। শোণিতপুৰ আৰক্ষীয়েও জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শুকুৰবাৰে নিশাও তেজপুৰৰ দুটাকৈ স্থানত আৰক্ষীয়ে অভিযান চলায় (Sonitpur police raid against drugs)। নিজামীয়া বস্তিত তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই ইমৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested in Tezpur)। ধৃত ইমৰাজুলৰ পৰা ৫ টা চাবোনৰ বাকচত ভৰাই থোৱা প্ৰায় ৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় (Tezpur police seized Drugs)। আনহাতে তেজপুৰ বৰঘাট আৰক্ষী চকীৰ বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আন এক অভিযানকাৰী দলে চাহাৰুল হাছান নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত চাহাৰুলৰ পৰাও ২০ টা কন্টেইনাৰ আৰু নগদ ৪৪,৮৩০ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.