Mass fishing in Jamlai: জামলাই বিলত লগে ভাগে মাছ ধৰিছে একাংশ জনজাতীয় মহিলাই
🎬 Watch Now: Feature Video
শৰতৰ সময়ছোৱাত শুকাবলৈ আৰম্ভ কৰিছে নৈ, জান, বিল,পানীৰে পৰিপূৰ্ণ জলাশয়সমূহ । পানী শুকোৱাৰ লগে লগে মানুহৰ মাজত মাছ ধৰাৰ হাবিয়াসো বাঢ়িব ধৰা পৰিলক্ষিত হৈছে ৷ বিভিন্ন নৈ, বিল আদিত দলে-বলে দলে মানুহ ওলাই আহি সমূহীয়াভাৱে মাছ ধৰা পৰিলক্ষিত হৈছে ৷ এক আনন্দ-উল্লাহৰ মাজতে নৈত নামি মাছ ধৰাত ব্যস্ত হৈ পৰিছে একাংশ লোক । অন্যান্য প্ৰান্তৰ দৰে ব্যতিক্ৰম নহয় কামৰূপ জিলাৰ নগৰবেৰাৰ জামলাই (Fish hunting in Nagarbera) ৷ জামলাই বিলত লগে ভাগে মাছ ধৰিছে একাংশ জনজাতীয় মহিলাই । ধূপধৰা, হাঁহিম, বন্দাপাৰা, বকো আদিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা প্ৰায় পাঁচ শতাধিক জনজাতীয় মহিলাই বিলত নামি ধৰিছে মাছ । কঁকালত খালৈ লৈ কোনোবাই জাল, কোনোবাই আকৌ জাকৈ পল’ৰে মাৰিছে মাছ । বৰালি, শ’ল, পুঠি, খলিহনা, কাৱৈ আদি বিভিন্ন থলুৱা মাছ ধৰাৰ লগতে একাংশ জনজাতীয় মহিলাই সংগ্ৰহ কৰিছে শামুক । ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সমূহীয়াকৈ মাছ ধৰা অসমীয়া সমাজ জীৱনৰ এক চহকী পৰম্পৰা । আজিও এই এই পৰম্পৰা বিভিন্ন স্থানত বৰ্তি থকা পৰিলক্ষিত হৈ আহিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST