বটদ্ৰৱা কাণ্ডৰ অভিযোগনামা দাখিল নগাঁও আৰক্ষীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2022, 8:16 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

আকৌ চৰ্চাত নগাঁৱৰ বটদ্ৰৱা কাণ্ড ৷ তিনি মাহ নৌহওঁতেই অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে (Charge sheet in Batadrava PS burning case)। নগাঁও আক্ষীয়ে ৯ জনকৈ অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত দাখিল কৰিছে অভিযোগনামা । এতিয়াও পলাতক হৈ আছে ১৩ জনকৈ অভিযুক্ত । শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, বটদ্ৰৱা কাণ্ডৰ লগত সম্পৰ্ক থকা অভিযুক্ত কেইটা আন বহু অপৰাধৰ সৈতেও জড়িত হৈ আছে । আৰক্ষী থানাত থকা কু-কৰ্মৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যৰেই জ্বলোৱা হৈছিল বটদ্ৰৱা আৰক্ষী থানা । ইফালে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবৰ বাবে আবেদন জনাইছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.