thumbnail

By

Published : Apr 8, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ETV Bharat / Videos

অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল

সমন্বয়-সম্প্ৰীতিৰ প্ৰতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল ৷ সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল (Kori khel going to extinct from Assamese culture) ৷ কিন্তু যোৰহাট কেন্দুগুৰি বামুণগাঁৱৰ একাংশ লোকে জীয়াই ৰাখিছে এই পৰম্পৰা । তাহানি বহু গাঁৱৰ বুকুত জীপাল হৈ থকা কড়ি খেল কি এতিয়া একাংশই নাজানে । নতুন প্ৰজন্মৰ ওচৰত নাই কড়ি খেলৰ সঠিক পৰিচয় । কড়ি খেলৰ যোগেদি নতুন বছৰটোৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয়-সম্প্ৰীতিৰ পৰিৱেশ গঢ়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ অন্যতম লক্ষ্য । গৰু বিহুৰ দিনা সামৰণি হোৱা কড়ি খেলবিধ আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ নিদি এই লোকসকলে ইয়াক জীয়াই ৰখাৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেয়া সচাকৈ প্ৰসংশনীয় |
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.