ETV Bharat / sukhibhava

Pomegranate: ডালিমৰ উপকাৰিতাৰ লগতে জানি লওক অপকাৰিতাও - ডালিম খোৱাৰ উপকাৰিতা

ডালিমে কেৱল আপোনাৰ হৃদযন্ত্ৰ সুস্থ ৰখাই নহয়, ইয়াৰ লগতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে ৰোগতো ডালিম সেৱন কৰাটো অতি উপকাৰী ।

You will not get sick if you eat pomegranate, but know its disadvantages along with its benefits
ডালিমৰ উপকাৰী গুণৰ লগতে অপকাৰিতাও জানি লওক
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:57 PM IST

ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ইয়াক খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷ ৰঙা ৰসাল গুটি থকা ডালিম কেৱল হৃদযন্ত্ৰৰ বাবেই উপকাৰী নহয়, ওজন কমাবলৈও অতি ফলপ্ৰসূ বুলি কোৱা হয় ৷ তেন্তে আহক আৰু আজিয়েই জানি লওক খাদ্যত ডালিম অন্তৰ্ভুক্ত কৰিলে কি কি উপকাৰিতা সাধন হয় আৰু লগতে জানি লওক যে কেনেকৈ ডালিমে কেতিয়াবা স্বাস্থ্যৰো ক্ষতিসাধন কৰিব পাৰে ৷

ডালিম খোৱাৰ উপকাৰিতা

ডালিম হৃদযন্ত্ৰৰ বাবে অতি উত্তম কাৰণ ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াক সেৱন কৰিলে ৰক্তবাহী নলীত তেজৰ গোট মৰা বা কলেষ্টেৰল জমা নহয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো ডালিম সেৱন কৰাটো অতি লাভদায়ক বুলি বিবেচিত হয় ৷ ডালিম সেৱন কৰিলেও মধুমেহ ৰোগৰ পৰা সকাহ পোৱা যায় ৷

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷

যদি আমি মেদবহুলতা হ্ৰাস কৰাৰ কথা ক’বলৈ যাও তেন্তে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয় আৰু বহু সময়লৈকে আপুনি ভোক অনুভৱ নকৰে ৷ ডালিম খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ইয়াৰ লগতে ডালিমৰ পাত শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাতো ফলপ্ৰসূ বুলি বিবেচিত হয় ৷

ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে ৷ ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ ডালিমৰ গুটি সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয় ৷

ডালিমৰ পাৰ্শ্বক্ৰিয়া

ডালিম কেৱল উপকাৰী নহয়, কেতিয়াবা কিছুমান লোকে ডালিম সেৱনৰ পিছতো ক্ষতিৰ সন্মুখীন হয় ৷ আচলতে ডালিম অতিমাত্ৰা সেৱন কৰিলে ডায়েৰিয়া হ’ব পাৰে ৷ ডায়েৰিয়াৰ সমস্যা থকা লোকে ডালিম সেৱন কৰিব নালাগে ৷ ইয়াৰ উপৰিও ছালৰ এলাৰ্জী থকা লোকসকলকো ডালিম সেৱন নকৰিবলৈ পৰামৰ্শ দিয়া হয় ৷ ডালিম খোৱাৰ ফলত ৰক্তচাপ হ্ৰাস পায় ৷ কিন্তু যিসকলৰ ৰক্তচাপ অতি কম, তেওঁলোকে ডালিম সেৱন কৰিব নালাগে, ই বি পি আৰু অধিক হ্ৰাস কৰিব পাৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, কোনো কাৰণতে ডালিমৰ বাকলি, শিপা বা ঠাৰি খাব নালাগে ৷

লগতে পঢ়ক: Arjuna Chaal Water: অৰ্জুন গছৰ ছাল তিওৱা পানী সেৱন কৰিলে আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.