ETV Bharat / sukhibhava

যোগাভ্যাস আৰু শীতকাল

শীতকালত ডায়েবেটিছ থকা লোকসকলে বহু সমস্যাৰ সন্মুখীন হয় ৷ ঠাণ্ডাৰ বাবে শাৰীৰিক কাৰ্যকলাপ কমকৈ কৰা বাবে আদ্ৰেনেলিন আৰু কোৰ্টিছোলৰ দৰে হৰমন নিঃসৰণ হোৱাৰ ফলত যকৃতে অধিক গ্লুকজ নিঃসৰণ কৰে ৷ ইয়াৰ ফলত ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷ শীতকালত ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ 10 টা প্ৰাকৃতিক যোগাভ্যাস সম্পৰ্কত উপদেশ আগবঢ়াইছে ড0 ভাৰতীয়ে ৷

যোগাভ্যাস আৰু শীতকাল
যোগাভ্যাস
author img

By

Published : Jan 7, 2021, 9:23 PM IST

শীতকালত ডায়েবেটিছ থকা লোকসকলে বহু সমস্যাৰ সন্মুখীন হয় ৷ ঠাণ্ডাৰ বাবে শাৰীৰিক কাৰ্যকলাপ কমকৈ কৰা বাবে আদ্ৰেনেলিন আৰু কোৰ্টিছোলৰ দৰে হৰমন নিঃসৰণ হোৱাৰ ফলত যকৃতে অধিক গ্লুকজ নিঃসৰণ কৰে ৷ ইয়াৰ ফলত ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷

জিণ্ডাল নেচাৰ কিউৰ ইনষ্টিটিউটৰ উপ-মুখ্য চিকিৎসা বিষয়া ড0 এইচ. পি. ভাৰতীয়ে কয়, "বৰ্তমান ভাৰতৰ প্ৰায় 50 মিলিয়ন লোক ডায়েবেটিছত আক্ৰান্ত আৰু 2025 চন পৰ্যন্ত এই সংখ্যা 6 কোটিলৈ বৃদ্ধি পাব ৷ এই সমস্যা সমাধান কৰাটো দেশৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে ৷"

শীতকালত ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ 10 টা প্ৰাকৃতিক যোগাভ্যাস সম্পৰ্কত উপদেশ আগবঢ়াইছে ড0 ভাৰতীয়ে ৷

ডায়েট

ডায়েবেটিছক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে এক ভাল ডায়েটৰ প্ৰয়োজন ৷ শাক-পাচলি, ফল-মূল, ঘেঁহুজাতীয় খাদ্য আদি গ্ৰহণ কৰা উচিত ৷ আনহাতে, মিঠাই, চৰ্বিজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত ৷ ইয়াৰোপৰি, ডায়েবেটিছ ৰোগীয়ে ড্ৰাই ফ্ৰুইট খোৱাৰ পৰা বিৰত থকা উচিত কিয়নো ইয়াৰ ফলত দেহত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷

যোগাভ্যাস আৰু শীতকাল
খাদ্যভ্যাস

যথোযোগ্য হাইড্ৰেচন

প্ৰস্ৰাৱৰ দ্বাৰা অধিক গ্লুকজ বাহিৰ হোৱাৰ পৰা বিৰত থাকিবলৈ দেহক হাইড্ৰেট কৰি ৰখা অতি প্ৰয়োজন ৷ সেয়েহে অধিক পানী খোৱা উচিত ৷

যোগভ্যাস

যোগাভ্যাসৰ জৰিয়তে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷ ইয়াৰ দ্বাৰা তেজত গ্লুকজৰ পৰিমাণ জোখত থাকে ৷

বিকল্প চিকিৎসা

অকোপাংচাৰ, ফিজিঅ'থেৰাপি, হাইড্ৰ'থেৰাপি আদি বিকল্প চিকিৎসাৰো প্ৰয়োজনীয়তা আছে ৷

প্ৰয়োজনীয় নিদ্ৰা

দিনটোৰ কষ্ট আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত হ'বৰ বাবে প্ৰয়োজনীয় নিদ্ৰা লোৱা উচিত ৷ ডায়েবেটিছ ৰোগীসকলে 6-7 ঘন্টা শুৱা উচিত ৷

যোগাভ্যাস আৰু শীতকাল
প্ৰয়োজনীয় নিদ্ৰা

মানসিক স্বাস্থ্য

ডায়েবেটিছৰ ফলত উদ্বেগ, মেজাজ পৰিৱৰ্তন, বিভ্ৰান্তি আৰু হতাশাই আগুৰি ধৰে ৷ আমেৰিকান ডায়েবেটিছ এচ'ছিয়েচনে কয় যে, Seasonal Affective Disorder (SAD) শীতকালত হয় আৰু ইয়াৰ চিকিৎসা আছে ৷ আত্মীয়ৰ সৈতে সময় কটোৱা, পছন্দৰ কাম কৰা আদিৰ জৰিয়তে ইয়াৰ পৰা আৰোগ্য হ'ব পাৰি ৷

ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা

ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ পৰিস্কাৰ-পৰিচ্ছন্নতা বহু প্ৰয়োজনীয় ৷ হাত চাবোনেৰে সঘনে ধোঁৱা উচিত ৷

ওজন হ্ৰাস

শকত লোকৰ 80-85 শতাংশ Type-2 ডায়েবেটিছ হোৱাৰ আশংকা অধিক ৷ দেহত প্ৰয়োজন হোৱা ইনচুলিন সৃষ্টি কৰিবলৈ অগ্নাশয় অসমৰ্থ হৈ পৰে ৷ সেয়েহে সুস্থ আৰু ফিট থাকিবৰ বাবে দেহৰ ওজন হ্ৰাস কৰাটো অধিক প্ৰয়োজনীয় ৷

ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰা খাদ্য গ্ৰহণ কৰা অনুচিত

ডায়েবেটিছ ৰোগীয়ে অধিক চৰ্বিযুক্ত, এলকহল, কেফেইন আৰু চেনীযুক্ত খাদ্য গ্ৰহণ কৰা অনুচিত ৷ অন্যথা তেওঁলোকৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.