ETV Bharat / sukhibhava

World Smile Day 2023: বিশ্ব হাঁহি দিৱস কিয় পালন কৰা হয় ? হাঁহি দিৱস পালন কৰাৰ আঁৰত আছে আমোদজনক কাহিনী

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:26 PM IST

প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয় । ৰাইজে হাঁহিৰ গুৰুত্ব বুজিবলৈ এই দিৱস পালন কৰা হয় । এই দিনটোৰ ইতিহাস আৰু গুৰুত্ব জানি লওক....

world-smile-day-2023-date-history-and-significance
বিশ্ব হাঁহি দিৱস

এটি হাঁহিৰ মূল্য বহুত ৷ কোৱা হয় যে হাঁহি মানুহৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ হাঁহিত আটাইতকৈ ডাঙৰ মানসিক চাপকো কমাব পৰা ক্ষমতা থাকে । কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱন বা মানসিক চাপৰ পৰিৱেশত অধিকাংশ লোকৰ মুখত হেৰাই গৈছে হাঁহি । আজি বিশ্ব হাঁহি দিৱস ৷ বিশ্ব হাঁহি দিৱসৰ জৰিয়তে সকলোকে অৱগত কৰোৱা হয় যে আমাৰ বাবে হাঁহিটো কিমান গুৰুত্বপূৰ্ণ ।

বিশ্ব হাঁহি দিৱস কিয় পালন কৰা হয় জানেনে ? ইয়াৰ উদযাপনৰ আঁৰত এটা আমোদজনক কাহিনী আছে । বিশ্ব হাঁহি দিৱস কিয় পালন কৰা হয় ? ইয়াৰ গুৰুত্ব কি ? লগতে কাৰোবাৰ মুখত হাঁহি বিৰিঙাবলৈ কি সৰু সৰু কাম কৰিব পাৰি জানি লওক এই প্ৰতিবেদনত ।

বিশ্ব হাঁহি দিৱস কেতিয়া পালন কৰা হয় ?

প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম শুকুৰবাৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয় । এইবাৰ আজি অৰ্থাৎ ৬ অক্টোবৰত এই দিৱস পালন কৰা হৈছে । বিশ্বাস কৰা হয় যে হাঁহিত যথেষ্ট শক্তি থাকে আৰু সেইবাবেই প্ৰতি বছৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয় ।

বিশ্ব হাঁহি দিৱসৰ ইতিহাস

কোৱা হয় যে মেছাচুচেটছৰ এজন ব্যৱসায়িক শিল্পীয়ে এই দিনটোৰ আৰম্ভণি কৰিছিল । এই শিল্পীজনৰ নাম হাৰ্ভি বল আৰু তেওঁ ১৯৬৩ চনত এটা আইকনিক হাঁহি সৃষ্টি কৰিছিল । এই হাঁহিটোৰ বিষয়ে বহুত চৰ্চা হৈছিল । ইয়াৰ পিচত ১৯৯৯ চনত প্ৰথম বিশ্ব হাঁহি দিৱস পালন কৰা হয় । ইয়াৰ উদ্দেশ্য আছিল মানুহে ইজনে সিজনৰ লগত ভাল ব্যৱহাৰ কৰি সুখ বিয়পাব লাগে । ইয়াৰ পিছত অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰৰ পৰা বিশ্ব হাঁহি দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে ।

ইয়াৰ গুৰুত্ব কি ?

এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহে বুজিব লাগে যে হাঁহি থকাটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ । সেয়েহে, আমি সকলোৱে এনে কাম কৰিব লাগে যিয়ে আনৰ মাজত সুখ বিয়পাব পাৰে ।

কেনেকৈ আপোনজনৰ মুখত হাঁহি বিৰিঙাব ?

উপহাৰ দিয়াটোৱেই উত্তম ৷ কাৰোবাক সুখী কৰিবলৈ বা তেওঁৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁক উপহাৰ দিব পাৰে । উপহাৰ লাভ কৰিলে যিকোনো ব্যক্তি সুখী হৈ পৰিব ৷ যদি আপুনি আপোনাৰ সংগীৰ মুখত হাঁহি আনিব বিচাৰে, তেন্তে তেওঁক গোলাপ ফুল উপহাৰ দিব পাৰে ৷ ই দুয়োৰে মাজত ৰোমাঞ্চ বা প্ৰেম বৃদ্ধি কৰিব ।

বাৰ্তা প্ৰেৰণ কৰক: কোৱা হয় যে ভাল বা প্ৰশংসামূলক শব্দই মুখত হাঁহি আনে । কাৰোবাক সুখী কৰিবলৈ বা তেওঁক হাঁহিবলৈ ভাল লগা মেছেজ পঠিয়াব পাৰে ।

লগতে পঢ়ক: World Animal Day 2023: আজি বিশ্ব প্ৰাণী দিৱস; জানো আহক কিয় আৰু কেনেকৈ এই দিৱসৰ আৰম্ভণি হ‘ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.