ETV Bharat / sukhibhava

বিশ্ব অংগদান দিৱস আৰু আপুনি নজনা বহু কথা

author img

By

Published : Aug 12, 2020, 9:15 PM IST

13 আগষ্টত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব বিশ্ব অংগদান দিৱস ৷ এই দিৱসত আপুনিও নিজৰ অংগ দান কৰি আন এজন লোকৰ জীৱন বচাবলৈ সক্ষম হ'ব পাৰে ৷

World Organ Donation Day 2020
বিশ্ব অংগদান দিৱস আৰু আপুনি নজনা বহু কথা

নিউজ ডেস্ক, 12 আগষ্ট : যিজন ব্যক্তিয়ে নিজৰ অংগদান কৰে তেওঁ 8 গৰাকী লোকৰ জীৱন বচাবলৈ সক্ষম হয় ৷ অংগদান এক মহৎ দান ৷ যিটো প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে কৰিব পাৰে ৷

উল্লেখনীয় যে, এজন সুস্থ ব্যক্তিৰ মৃত্যুৰ পিচত তেওঁৰ অংগ সমূহৰ কোনো ধৰণৰ কাম নাথাকে কিন্তু তেওঁৰ সেই অংগই এজন ব্যক্তিক নতুন জীৱন প্ৰদান কৰিব পাৰে ৷ বিশেষভাবে সক্ষম কোনো লোকক আপোনাৰ অংগই পুনৰ নতুন জীৱন প্ৰদান কৰিব পাৰে ৷

সুস্থ ব্যক্তিৰ অংগ দানৰ উদ্দেশ্য প্ৰতি বছৰে 13 আগষ্ট তাৰিখটো বিশ্ব অংগদান দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱসত ব্যক্তি সকলে নিজৰ অংগদান কৰাৰ লগতে অংগদান সম্বন্ধীয় সজাগতা সৃষ্টি কৰিব পাৰে ৷ এক তথ্য অনুসৰি, প্ৰতিবছৰে 5,00,000 লোকৰ মৃত্যু হয় ৷ গতিকে আপুনিও আপোনাৰ সুস্থ অংগ আন এজন ব্যক্তিক দান কৰি মহৎ উদ্দেশ্য লাভ কৰিব পাৰে ৷

এইক্ষেত্ৰত National Health Portal (NHP) য়ে প্ৰকাশ কৰা অংগদান সন্দৰ্ভত কিছু তথ্য তলত উল্লেখ কৰা হ'লঃ

1. জাতি-ধৰ্ম,বয়স,সম্প্ৰদায়ভেদে প্ৰতিগৰাকী লোকে নিজৰ অংগদান কৰিব পাৰে ৷

2. অংগদান কৰাৰ বাবে এজন ব্যক্তিৰ বয়সৰ কোনো ধৰণৰ সীমাবদ্ধতা নাথাকে ৷ সুস্থ দেহৰ প্ৰতি গৰাকী লোকে নিজৰ অংগদান কৰিব পাৰে ৷

3. 18 বছৰৰ তলৰ প্ৰতিগৰাকী লোকে নিজৰ অংগদান কৰাৰ ক্ষেত্ৰত নিজৰ অভিভাৱকৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন আছে ৷

4. কৰ্কট, মধুমেহ,হৃদৰোগ আদি ৰোগী সকলে অংগদান কৰিব নোৱাৰে ৷

ইয়াৰ উপৰিও, প্ৰাকৃতিকভাবে মৃত্যু হোৱা এজন সুস্থ ব্যক্তিয়ে দেহৰ Tissues such as cornea, Heart valves, Skin আৰু Bone দান কৰিব পাৰে ৷

একেদৰে, মস্তিস্কৰ আঘাতত মৃত্যু হোৱা লোকে Heart, Liver, Kidneys, Intestines, Lungs, আৰু Pancreas দান কৰিব পাৰে ৷

আনহাতে, মৃত ব্যক্তি সকলে অংগদান কৰিব পাৰে কিন্তু কেতিয়াবা জীৱিত ব্যক্তিয়েও নিজৰ অংগদান কৰিব পাৰে ৷

জীৱিত ব্যক্তি সকলে নিজৰ কিডনী, যকৃত, অগ্নাশয়ৰ অংশ দান কৰিব পাৰে ৷

কিন্তু এজন ব্যক্তিয়ে অংগদান কৰাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা পালন কৰিব লাগে ৷ সেই কেইটা হ'লঃ

1. যদি কোনোবা ব্যক্তিৰ চিকিৎসা চলি থাকে তেতিয়াহলে তেওঁ অংগদান কৰিব নোৱাৰে ৷

2. কোনোবা লোকে যদি চিকিৎসা অৱিহনে বা মৃত্যুৰ পূৰ্বে অংগদান কৰিবলৈ আগ্ৰহী হয় তেতিয়াহলে তেওঁৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আহি পৰে ৷

3. আপোনাৰ মৃত্যুৰ পিচত চিকিৎসকৰ দলে নিৰ্ধাৰণ কৰিব যে আপুনি কোনটো অংগ দান কৰিবলৈ সামৰ্থ হয় ৷

4. অংগদান প্ৰক্ৰিয়াত অংগদানকাৰীৰ পৰিয়ালৰ তৰফৰ পৰা কোনো ধৰণৰ কৰ লোৱা নহয় ৷

5. অংগদান যিকোনো বয়সৰ লোকে কৰিব পাৰে ৷ কিন্তু এগৰাকী 18 বছৰৰ তলৰ লোকে যদি অংগদান কৰিব বিচাৰে তেতিয়াহলে তেওঁৰ অভিভাৱকৰ অনুমতি লোৱাটো বাধ্যতামুলক ৷

6. কোনোবা লোকে যদি ভাবে যে, মই শাৰিৰীকভাবে দুৰ্বল, ক্ষীণ অথবা বয়স কমৰ বাবে অংগদান কৰিব নোৱাৰিব বুলি তেতিয়াহলে তেওঁলোকে সেই চিন্তাবোৰ পৰিহাৰ কৰিব লাগে ৷ কিয়নো আপোনাৰ মৃত্যুৰ পিচত চিকিৎসক তথা বিশেষজ্ঞ লোকে নিৰ্ধাৰণ কৰিব আপুনি অংগদান কৰিবলৈ সামৰ্থ হয় নে নহয় বা আপোনাৰ দেহৰ কোনটো অংগ দান কৰিব পাৰ যাব ৷

গতিকে, বিশ্ব অংগদান দিৱসত আপুনিও অংগদান কৰক আৰু আন এজন লোকৰ জীৱন বচাবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক : স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.