ETV Bharat / sukhibhava

World Mosquito Day 2023: কিয় বিশ্বজুৰি পালন কৰা হয় মহ দিৱস; ইয়াৰ ইতিহাস জানি লওক

author img

By

Published : Aug 19, 2023, 12:46 PM IST

Updated : Aug 20, 2023, 8:26 AM IST

মহৰ দ্বাৰা সংক্ৰমিত ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব মহ দিৱস পালন কৰা হয় । দিনটোৰ ইতিহাস সম্পৰ্কে জানি লওক...

World Mosquito Day 2023
কিয় বিশ্বজুৰি পালন কৰা হয় মহৰ দিৱস; ইয়াৰ ইতিহাস জানি লওক

আজি বিশ্ব মহ দিৱস ৷ প্ৰতি বছৰে ২০ আগষ্টতৰ দিনা এই দিৱস পালন কৰা হয় ৷ মহৰ দ্বাৰা সংক্ৰমিত ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে প্ৰতি বছৰে ২০ আগষ্টৰ দিনা এই দিৱস পালন কৰা হয় ৷ ১৮৯৭ চনৰ ২০ আগষ্টত ছাৰ ৰ’নাল্ড ৰছে প্ৰথমবাৰৰ বাবে বিশ্ব মহ দিৱসৰ আৰম্ভণি কৰিছিল ৷

মহে কামোৰাৰ ফলত মেলেৰিয়া, ডেংগুৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কিন্তু এই দিৱস পালনৰ প্ৰধান উদ্দেশ্য হৈছে মহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আৰু মহৰ পৰা হ’ব পৰা ৰোগৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ৷ বিশেষকৈ বাৰিষাকালত মহৰ প্ৰজনন বৃদ্ধি পায় ৷ বহুতো ৰোগো দেখা দিয়ে ৷ ইয়াৰ ভিতৰত ডেংগু, মেলেৰিয়া, জিকা ভাইৰাছ আৰু চিকুংগুনিয়া, জাপানীজ এনকেফ্লাইটিছ আদি উল্লেখযোগ্য ৰোগ ৷ বিশেষকৈ ডেংগু আৰু মেলেৰিয়াৰ বিৰুদ্ধে অধিক প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন ৷

বিশ্ব মহ দিৱসৰ ইতিহাস আৰু তাৎপৰ্য: ১৯৩০ চনৰ পৰা লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ ব্ৰিটিছ চিকিৎসকৰ অৱদানৰ স্মৃতিত প্ৰতি বছৰে বিশ্ব মহ দিৱসৰ দিনটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এক প্ৰতিবেদন অনুসৰি ২০১০ চনত আফ্ৰিকাত মহৰ কামোৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক ৷ ইয়াৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে ৷ বিশেষকৈ বাৰিষাৰ সময়ত শৰীৰ ঢাকিব পৰা কাপোৰ পিন্ধিব লাগে ৷

বিশেষজ্ঞসকলৰ মতে, ১৮৯৭ চনৰ পৰা মহ দিৱস উদযাপন আৰম্ভ হৈছিল ৷ যেতিয়া এই দিনটো প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল ব্ৰিটিছ চিকিৎসক ৰ’নাল্ড ৰছে ৷ এই মহে প্লাজমোডিয়াম পৰজীৱী কঢ়িয়াই লৈ ফুৰে যিটো তেজৰ জৰিয়তে শৰীৰৰ মাজেৰে বিয়পি পৰে ৷ বিশেষকৈ যকৃতত উপনীত হোৱাৰ পিছত ই স্থায়ী হৈ থাকে আৰু ৰক্তকণিকাক দ্ৰুতগতিত সংক্ৰমিত কৰে ৷ এই প্ৰচেষ্টাৰ বাবে ১৯০২ চনত তেওঁ শৰীৰবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে ৷ বিশ্বজুৰি মেলেৰিয়া এক ডাঙৰ সমস্যা হৈয়ে আছে ৷ আফ্ৰিকাৰ দেশসমূহ এই ৰোগত অধিক আক্ৰান্ত হয় ৷

মহে কেনেকৈ ৰোগ বিয়পায়: বিশেষজ্ঞসকলৰ মতে, মহৰ কামোৰাৰ সময় আৰু কৌশল থাকে ৷ অৰ্থাৎ মাইকী মহে খাদ্য হিচাপে তেজ লয় ৷ গতিকে ই মানুহ আৰু জীৱ-জন্তুৰ পৰা তেজ চুহি লয় ৷ আনহাতে, কণী পৰা গোন্ধে ফুলৰ পৰেগ খাদ্য হিচাপে লয় ৷ মাইকী এনোফিলিছ মহৰ কামোৰৰ ফলত মেলেৰিয়া হয় ৷ অৱশ্যে এই মহে কামুৰিবলৈ এটা নিৰ্দিষ্ট সময় থাকে ৷ এই মহে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ মাজত কামোৰে ৷ এডিছ মহে সূৰ্য উদয়ৰ পূৰ্বে বা সন্ধিয়া কামোৰে ৷ ইয়াৰ উপৰিও কিউলেক্স মহ আনতকৈ পৃথক ৷ এই মহবোৰে গোটেই ৰাতি সক্ৰিয় হৈ থাকে আৰু ৰাতি ঘৰৰ ভিতৰত আৰু বাহিৰত যিকোনো ঠাইতে কামূৰিব পাৰে ৷ এক অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ প্ৰায় ৫০ শতাংশ লোক মহৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব ৷

মহৰ পৰা হাত সাৰিবলৈ উপায়:

  • দূষিত পানী পৰিহাৰ কৰক: আৰ্দ্ৰ অঞ্চল আৰু জমা হৈ থকা পানীত মহে সোনকালে প্ৰজনন কৰে ৷ মহৰ প্ৰজনন ৰোধ কৰিবলৈ লেতেৰা ঠাইৰ পৰা আঁতৰি থাকিব লাগে ৷
  • চৌপাশৰ অংশ শুকান আৰু পৰিষ্কাৰ কৰি ৰাখক ৷
  • বৰষুণৰ পানী জমা হোৱা ঠাইবোৰ মুকলি ঠাইত আঁতৰাই পেলাব লাগে ৷ ঘৰত টায়াৰ আদি নাৰাখিব ৷
  • মহকে ধৰি বহুতো বেক্টেৰিয়া আন্ধাৰ আৰু লেতেৰা পৰিৱেশৰ প্ৰতি আকৰ্ষিত হয় ৷ গতিকে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷
  • ৰাতি শুবলৈ যোৱাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰক ৷ শোৱাৰ সময়ত আঠুৱাৰ ব্যৱহাৰ কৰক ৷

লগতে পঢ়ক: World Photography Day 2023: বিশ্বৰ প্ৰথমখন ফটো তোলাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল জানেনে ?

Last Updated : Aug 20, 2023, 8:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.