ETV Bharat / sukhibhava

World Elder Abuse Awareness Day: বয়োজ্যেষ্ঠৰ ওপৰত হোৱা নিৰ্যাতন নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক প্ৰয়াস - বৃদ্ধ নিৰ্যাতন প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক

১৫ জুনত বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস । যাৰ উদ্দেশ্য হৈছে বৃদ্ধসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়ে মানুহক জনোৱা আৰু সেই বিষয়ে সজাগ কৰা ।

World Elder Abuse Awareness Day: Know the history and purpose of this day
বয়োজ্যেষ্ঠৰ ওপৰত হোৱা নিৰ্যাতন নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক প্ৰয়াস
author img

By

Published : Jun 15, 2023, 8:16 AM IST

প্ৰতি বছৰে ১৫ জুনত বিশ্বজুৰি বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বৃদ্ধসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰা, তেওঁলোকক সজাগ কৰা আৰু ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা । আজিকালি এনে বহু গোচৰ শুনা যায় য’ত মানুহে বৃদ্ধ পিতৃ-মাতৃক ভাল ব্যৱহাৰ নকৰে, বৃদ্ধাশ্ৰমলৈ পঠিয়াই আন বহু ধৰণে হাৰাশাস্তি কৰে । যিটো বৰ দুখৰ কথা ।

World Elder Abuse Awareness Day
বিশ্ব বৃদ্ধ নিৰ্যাতন সজাগতা দিৱস কিয় পালন কৰা হয়

বিশ্ব বৃদ্ধ নিৰ্যাতন সজাগতা দিৱসৰ ইতিহাস: এই দিৱসটো পোন প্ৰথমবাৰৰ বাবে ২০১১ চনৰ ১৫ জুনত পালন কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১১ চনৰ ডিচেম্বৰ মাহত বৃদ্ধ নিৰ্যাতন প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ অনুৰোধৰ পিছত ৰাষ্ট্ৰসংঘৰ ৬৬/১২৭ নং প্ৰস্তাৱ গৃহীত কৰি বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱসক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে । বয়োজ্যেষ্ঠসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ ‘আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ নিৰ্যাতন প্ৰতিৰোধৰ নেটৱৰ্ক’ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ই যৌথভাৱে এই দিৱসটো আৰম্ভ কৰে ।

লগতে পঢ়ক: International Albinism Awareness Day 2023: কি হয় এলবিনিজম ৰোগ ? ইয়াৰ বিষয়ে বিশদভাৱে জানো আহক

বৃদ্ধ নিৰ্যাতনৰ গোচৰ কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাব পাৰে: ৰাষ্ট্ৰসংঘৰ মতে, বিশ্বৰ প্ৰতি ৬ জন বৃদ্ধৰ ভিতৰত ১ জন নিৰ্যাতন হয়, যিটো মৰ্মান্তিক আৰু লজ্জাজনক । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনুমান কৰা হৈছে যে অদূৰ ভৱিষ্যতে এনে ঘটনা হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাব কাৰণ মানুহৰ জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে তেওঁলোকে নিজৰ জীৱনত কাৰো হস্তক্ষেপ নিবিচাৰে । ইয়াৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে শাৰীৰিক, মানসিক, আৰ্থিক আদি হিংসাও অন্তৰ্ভুক্ত ।

বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱসৰ উদ্দেশ্যঃ এই দিৱসৰ মূল উদ্দেশ্য হৈছে বৃদ্ধসকলৰ সু-চিকিৎসা, তেওঁলোকৰ উন্নত স্বাস্থ্য, সামাজিক, অর্থনৈতিক আৰু বহুতো সমস্যা আৰু প্রয়োজনীয়তাৰ বিষয়ে বিশ্বৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা ।

লগতে পঢ়ক: Home remedies to reduce body heat: গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনাৰ কামত আহিব এই ৫টা উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.