কণী কেৱল স্বাস্থ্যৰ বাবেই নহয় ইয়াত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে স্বাস্থ্যক বহু সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷ উল্লেখ্য যে, প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে বিশ্ব কণী দিৱস পালন কৰা হয় ৷ সেয়ে এই উপলক্ষে কিয় এই দিৱস পালন কৰা হয় সেয়া জনাটো জৰুৰী ৷ আজিৰ প্ৰতিবেদন এই বিষয়ৰ ওপৰতেই ৷ আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম যে কিয় বিশ্ব কণী দিৱস পালন কৰা হয় আৰু এই দিৱস উদযাপনৰ গুৰুত্ব কি...
বিশ্ব কণী দিৱসৰ ইতিহাস
উল্লেখ্য যে, কণীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিবলৈ ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে ভিয়েনা আই ই চি সন্মিলনত বিশ্ব কণী দিৱস উদযাপন কৰা হৈছিল ৷ ইয়াৰ পিছত এই দিনটো অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে পালন কৰিবলৈ আৰম্ভ কৰে ৷
কিয় বিশ্ব কণী দিৱস পালন কৰা হয় ?
কণীৰ উপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধি তথা ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগত সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷ কণীৰ ভিতৰত এন্টিঅক্সিডেন্ট গুণ পোৱা যায় যিবোৰ কেৱল শৰীৰৰ বাবেই উপযোগী নহয় কিন্তু কণী হৃদযন্ত্ৰৰ বাবেও অতি উপযোগী ৷ কণীয়েই কেৱল তেজত এল ডি এল প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ উপৰিও চকুৰ স্বাস্থ্যৰ বাবেও ই উপযোগী ৷ কণী সেৱনে কেৱল ওজন আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পৰাই নহয় স্মৃতিশক্তি বৃদ্ধি কৰাতো উপযোগী ৷
এই বছৰৰ থিম
প্ৰতি বছৰে বিশ্ব কণী দিৱসৰ দিনা এটা থিম নিৰ্ধাৰণ কৰা হয় ৷ এই বৰ্ষৰ থিম হৈছে Eggs for a healthy future ৷
লগতে পঢ়ক: Health Tips: ২০ বছৰ বয়সত ৪০ বছৰীয়া যেন লাগিবলৈ মন নাই যদি আজিয়েই ত্যাগ কৰক এই খাদ্য