ETV Bharat / sukhibhava

Nose Bleeding: নাকৰ পৰা কিয় ৰক্তক্ষৰণ হয় ? ইয়াৰ কাৰণ তথা প্ৰতিকাৰ জানো আহক

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:59 PM IST

গৰমৰ সময়ছোৱাত বহুতৰে নাকৰ ৰক্তক্ষৰণ হোৱা দেখা যায় ৷ এই ৰক্তক্ষৰণৰ কাৰণ সমূহ কি কি? কিহৰ বাবে নাকৰ পৰা ৰক্তক্ষৰণ হয় ? জনালে ই এন টি বিশেষজ্ঞ ডাঃ বি এন শৰ্মাই ৷

Nose Bleeding
নাকৰ পৰা কিয় ৰক্তক্ষৰণ হয় ? ইয়াৰ কাৰণ তথা প্ৰতিকাৰ জানো আহক

গৰমৰ সময়ছোৱাত শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈ কাণ, নাক আৰু ডিঙিৰ বিভিন্ন সমস্যা হোৱা দেখা যায় ৷ গৰমৰ সময়ছোৱা আটাইতকৈ ভয়ংকৰ আৰু সঘনাই হোৱা এটা সমস্যা হৈছে নাকৰ পৰা তেজ নিৰ্গত হোৱা ৷ গৰমৰ সময়ছোৱাত শিশুৰ পৰা ডাঙৰলৈ বহুতৰেই এই ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ দুচকীয়া বাহন চলোৱা যুৱক-যুৱতীৰ ক্ষেত্ৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায় ৷ আনহাতে যি সকল বয়োজ্যেষ্ঠ লোক তেওঁলোকৰো কেতিয়াবা হঠাৎ নাকৰ পৰা তেজ নিৰ্গত হোৱা দেখা যায় ৷

নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ কাৰণ

নাকৰ ৰক্তক্ষৰণৰ কাৰণ হৈছে শুষ্ক জলবায়ু ৷ গৰম, কম আৰ্দ্ৰতাৰ বতৰ, শুকান বতৰৰ ফলত এই ৰোগ হোৱা দেখা যায় ৷ যাৰ ফলত নাকৰ ভিতৰত থকা সূক্ষ্ম আৱৰণখনত থকা সৰু সৰু কোষকলাবোৰ শুকাই যায় আৰু ফাটি যায় ৷ যাৰ বাবে নাক ৰক্তক্ষৰণ হোৱাৰ দেখা যায় ৷ নাকৰ ভিতৰত গৰমপানী, গৰম বাষ্প, গৰম ভাপ আদি সোমালেও বহুক্ষেত্ৰত ৰক্তক্ষৰণৰ হোৱা দেখা যায় ৷

নাকৰ ৰক্তক্ষৰণ কেনেদৰে ৰোধ কৰিব পাৰি ?

শিশুসকলৰ বা মধ্যমীয়া বয়সৰলোক সকলৰ ক্ষেত্ৰত কেতিয়াবা দুটা আঙুলিৰে নাকটো চেপা মাৰি ধৰি এই ৰক্তক্ষৰণ ৰোধ কৰিব পাৰি ৷ তদুপৰি চিকিৎসাক পৰামৰ্শ গ্ৰহণ কৰি ঔষধ ব্যৱহাৰ কৰিও এই ৰক্তক্ষৰণ ৰোধ কৰিব পাৰি ৷

ৰক্তক্ষৰণৰ প্ৰতিকাৰ

১) ৰক্তক্ষৰণৰ প্ৰতিকাৰৰ বাবে গৰমত সময়ছোৱাত নাকৰ ভিতৰত ভেচলিন জাতীয় সামগ্রী ব্যৱহাৰৰ কৰিব পাৰে ৷ ভেচলিন ব্যৱহাৰৰ ফলত নাকৰ ভিতৰত থকা সূক্ষ্ম আৱৰণখন যিবোৰ ৰক্তবাহী শিৰা-উপশিৰা থাকে সেইবোৰ ফাটি নাযায় আৰু নাকৰ ভিতৰৰ যিখিনি আদ্ৰতা সেইখিনি ৰক্ষা হয় ৷ যাৰ ফলত ৰক্তক্ষৰণ নহয় ৷

২) বহুলোকে নাকৰ ভিতৰত গৰমপানী ভাপ লোৱা দেখা যায় ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰমৰ সময়ছোৱাত কেতিয়াও নাকৰ ভিতৰত গৰম পানীৰ ভাপ ল'ব নালাগে ৷

তদুপৰি গৰমৰ সময়চোৱাত কান,নাক বা ডিঙিৰ ভিতৰত টেমুনা বা বয়ল হোৱা দেখা যায় ৷ যাৰ ফলত অত্যন্ত বিষ অনুভৱ হয় আৰু কেতিয়াবা জ্বৰ উঠাও দেখা যায় ৷ লগতেই খোৱা বোৱাটো অসুবিধা হোৱা দেখা যায় ৷ এনে হলে কেতিয়াও সাধাৰণভাৱে ল'ব নালাগে ৷ কাৰণ কান বা নাকৰ ভিতৰত হোৱা বয়লৰ ফলত মগজুলৈকে ৰোগ বিয়পি যোৱাও কেতিয়াবা দেখা পোৱা যায় ৷ সেয়ে এনে হলে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: Cucumber Benefits: প্ৰতিদিনে খাওক ফিচেটিন সমৃদ্ধ তিয়ঁহ, বৃদ্ধি হ’ব আপোনাৰ স্মৃতিশক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.