ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে ভাৰতবৰ্ষত বহু লোকে যাতে তেওঁলোকে প্ৰাক-ক’ভিড কালৰ দৰে সাধাৰণ সময়খিনিলৈ অনতি পলমে ঘূৰি গৈ পুনৰ সাধাৰণ জীৱন-যাপন কৰিব পাৰে, সেই আশাৰে প্ৰথম পালি প্ৰতিষেধক লাভ কৰাৰ ঠিক পাচতেই নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ মূৰত দ্বিতীয় পালি ল’বলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ কিন্তু আমি যে প্ৰতিষেধকৰ বিষয়ে ইমান বিশদভাৱে আলোচনা কৰি আছো, কোনোৱে এই কথা কেতিয়াবা ভাবি চাইছোনে যে কিয় দুপালি প্ৰতিষেধকৰ মাজত এক নিৰ্দিষ্ট সময়ৰ ব্যৱধান থকাতো প্ৰয়োজন? এই উৎসুকতাৰ মৰিষণৰ বাবেই ইটিভি ভাৰত সুখীভৱই হায়দৰাবাদৰ ভিইএনএন হাস্পতালৰ পৰামৰ্শদাতা চিকিৎসক তথা এমডি (জেনেৰেল মেডিচিন) ডাঃ ৰাজেশ ভুক্কালাৰ সৈতে আলোচনাত মিলিত হয় ৷ তেওঁৰ সৈতে হোৱা কথোপোকথনৰ এক আভাস-
দুপালি প্ৰতিষেধকৰ মাজত এক নিৰ্দিষ্ট ব্যৱধানৰ প্ৰয়োজন কিয় ?
ডাঃ ভুক্কালাই কয় যে, যেতিয়াই কোনো লোকে প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰে তেওঁৰ শৰীৰ সংবেদনশীল হৈ যায় আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ পাচত উল্লেখযোগ্যভাৱে এণ্টিব’ডিৰ পৰিবৰ্ধন হ’বলৈ ধৰে ৷ তেনেকৈয়ে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি হয় ৷ সেইবাবে এগৰাকী সাধাৰণ ব্যক্তিৰ ভাষাত ক’বলৈ হ’লে, আচলতে প্ৰথম পালিয়ে আমাৰ শৰীৰক সংবেদনশীল কৰি তোলে আৰু দ্বিতীয় পালিয়ে ভাইৰাছৰ সৈতে যুঁজিবলৈ আমাক অতিৰিক্ত এণ্টিব’ডিৰ যোগান ধৰে ৷
এই কথাখিনি বিশদভাৱে বুজাবলৈ ডাঃ ভুক্কালাই বৰ্ণনা কৰি কয় যে, প্ৰতিষেধকৰ জৰিয়তে আমি তেজত ভাইৰেল পাৰ্টিক্ল সোমোৱাই দিওঁ ৷ পাৰ্টিক্লটো শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে এণ্টিব’ডি প্ৰস্তুত কৰিবলগীয়া কোষবোৰক উত্তেজিত কৰি তোলে ৷ কোষবোৰে তৎক্ষণাতেই লক্ষাধিক এণ্টিব’ডিৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াৰ বাবে কোষবোৰক ডিএনএ/আৰএনএৰ ক’ড মনত ৰাখিবলগীয়া হয় আৰু এবাৰ এই কাম সম্পন্ন হোৱাৰ পাচত কোষবোৰে ইয়াৰ প্ৰতিৰূপৰ সৃষ্টি কৰে ৷ এবাৰ কোষবোৰে ইয়াৰ প্ৰতিৰূপ সৃষ্টি কৰিবলৈ সক্ষম হোৱাৰ পাচত ইহঁতে এণ্টিব’ডিবোৰ প্ৰস্তুত কৰিবলৈ পৰ্যাপ্ত সংকেত প্ৰেৰণ কৰে ৷ ইয়াকেই ‘ছেনছিটাইজেশ্বন’ বুলি কোৱা হয় ৷ ইয়াৰ পাচত এপালি বুষ্টাৰ ড’জ (প্ৰতিষেধকৰ দ্বিতীয়টো পালি) প্ৰদান কৰা হয় ৷ ই এণ্টিব’ডিৰ সৃষ্টিৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তোলে যাতে আমাৰ শৰীৰক ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰি তুলিবৰ পৰাকৈ যথেষ্ট পৰিমাণে এণ্টিব’ডিৰ সৃষ্টি হয় ৷
ভাৰতত প্ৰতিষেধকৰ পালিৰ মাজৰ ব্যৱধান-
ভাৰতত সম্প্ৰতি দুবিধ প্ৰতিষেধক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু আস্ট্ৰাজানিকাৰ ক’ভিশ্বিলড ৷ ক’ভেক্সিনৰ দুটা পালিৰ মাজৰ ব্যৱধান হৈছে 28 দিন ৷ আনহাতে অলপতে ক’ভিশ্বিলডৰ ব্যৱধান বৃদ্ধি কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক’ভিশ্বিলডৰ দুটা পালিৰ মাজত 4ৰ পৰা 8 সপ্তাহ ব্যৱধান ৰাখিবলৈ কৈছে ৷
এই প্ৰসংগত বিশেষজ্ঞজনে কয় যে, এয়া সম্ভৱতঃ গৱেষণাত পোৱা গৈছে যে হয়তো 4 সপ্তাহৰ সময়সীমা ‘ছেঞ্চিটাইজেশ্বন’ৰ বাবে পৰ্যাপ্ত নহয় ৷ সেয়ে ক’ভিশ্বিলডৰ দুটা পালিৰ মাজৰ ব্যৱধান 28 দিনৰ পৰা 4,8 সপ্তাহলৈ বৃদ্ধি কৰিলে ৷ ই অধিক উৎকৃষ্ট এণ্টিব’ডিৰ সৃষ্টি কৰিব আৰু অধিক সুৰক্ষা প্ৰদান কৰিব ৷
আমি আৰু কোনবোৰ সাৱধানতা অৱলম্বন কৰিব লাগিব ?
প্ৰতিষেধক লোৱাৰ আগত আৰু পাচত ধ্যান দিব লগীয়া বিশেষ কথা কিছুমান তলত দিয়া হ’ল-
যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে প্ৰতিষেধক লোৱাৰ আগত আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক ৷ কোনো লোক হয়তো চিকিৎসা সামগ্ৰী নাইবা বেজী আদিৰ প্ৰতি সংবেদনশীলো হ’ব পাৰে ৷ তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰা পৰামৰ্শৰ প্ৰয়োজন ৷
পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক লগতে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক ৷ প্ৰতিষেধক লোৱাৰ পাচত অন্ততঃ 30 মিনিটৰ বাবে সেই স্থানতে বিশ্ৰাম গ্ৰহণ কৰক ৷ যদি কোনো অসুবিধাত ভুগিছে তৎক্ষণাত চিকিৎসা কৰ্মীৰ কাষ চাপক ৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (এমঅ’এইছএফডব্লিউ)-য়ে কয় যে, “সুৰক্ষা সুনিশ্চিত কৰাৰ পাচতহে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ যিহেতু আন প্ৰতিষেধকবোৰৰ ক্ষেত্ৰত বেজী লোৱা স্থানতে পাৰ্শ্বক্ৰিয়া যেনে সামান্য জ্ৱৰ হোৱা, বিষ আদি হোৱাটো সাধাৰণ ঘটনা গতিকে ৰাজ্য সমূহক ক’ভিড-19 প্ৰতিষেধক সম্পৰ্কীয় যিকোনো পাৰ্শ্বক্ৰিয়াৰে যুঁজিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে যাতে জনসাধাৰণক সুৰক্ষিতভাৱে প্ৰতিষেধক প্ৰদান কৰিব পাৰি ৷
সাধাৰণ পাৰশ্বক্ৰিয়াৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মীয়ে আপোনাক হয়তো পেৰাছিটাম’ল সেৱন কৰিবলৈ পৰামৰ্শ দিব পাৰে ৷ তথাপিও যদি কোনো অস্বাভাৱিক পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসা কৰ্মীৰ কাষ চাপক ৷
প্ৰতিষেধক লোৱাৰ পাচতো কিন্তু প্ৰতিৰোধাত্মক নিয়ম সমূহ যেনে মাস্ক পৰিধান কৰা, স্বচ্ছতা বজাই ৰখা, শাৰীৰিক দূৰত্ব বৰ্তাই ৰখা আদি নিয়মবোৰ আপুনি পালন কৰিব লাগিব ৷ এনে কৰাৰ কাৰণ হ’ল- প্ৰতিষেধকৰ দ্বিতীয়টো পালি লোৱাৰ পাচত ই সম্পূৰ্ণ কাৰ্যক্ষম হ’বলৈ অন্ততঃ দুটা সপ্তাহৰ প্ৰয়োজন ৷ লগতে “হাৰ্ড এমিউনিটি” নহালৈকে আমি সকলো সাৱধান হ’বই লাগিব ৷ ইয়াৰোপৰিও আপুনি আনৰ বাবে ভাইৰাছবিধ সৰ্বৰাহ কৰাৰ মাধ্যমো হ’ব পাৰে ৷ সেইবাবে সুৰক্ষাৰ নিয়ম পালন কৰাতো অতি জৰুৰী ৷
যিহেতু ব্যাধিবিধৰ কোনো চিকিৎসা এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই, গতিকে ক’ভিড-19 মহামাৰীৰ পৰা হাত সাৰি এক সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যোৱাৰ একমাত্ৰ উপায় হ’ল ইয়াৰ প্ৰতিষেধক লোৱা ৷ প্ৰতিষেধকেই ভাইৰাছ বিধক প্ৰতিৰোধ কৰাত আটাইতকৈ সঠিকভাৱে সহায় কৰিব ৷ আনৰ কথা শুনি প্ৰতিষেধক লোৱাৰ পৰা বিৰত নাথাকিব ৷ এজন দায়িত্বশীল নাগৰিক হিচাপে সুযোগ পোৱাৰ লগে লগেই প্ৰতিষেধক গ্ৰহণ কৰক ৷