ETV Bharat / sukhibhava

সন্তানৰ মগজু শক্তিশালী কৰিব এই ১০ বিধ খাদ্যই

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:43 PM IST

অভিভাৱকসকলে শিশুৰ মন-মগজু বিকাশৰ বাবে খাদ্যৰ উচিত যত্ন লোৱাটো অত্যন্ত দৰকাৰী ৷ শিশুটোৰ মগজু তীক্ষ্ণ কৰিবলৈ তেওঁলোকক কি খাদ্য খুৱাব লাগে, আজি জানো আহক-

Which food increases brain power for kids?
সন্তানৰ মগজু শক্তিশালী কৰিব এই ১০ বিধ খাদ্যই

সুস্বাস্থ্যৰ গৰাকী হ'বলৈ ভাল খাদ্য খোৱাটো খুবেই জৰুৰী ৷ শৰীৰটোক কাম কৰিবলৈ যিদৰে শক্তিৰ প্ৰয়োজন, মগজুকো কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন ৷ এজন ব্যক্তিয়ে শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাৰ বাবে বহু কিবা-কিবি কৰে ৷ কিন্তু মানসিক স্বাস্থ্যক তেওঁলোকে আওকান কৰে ৷ মূলতে শিশুসকলে তেওঁলোকৰ বেছিভাগ কামৰ বাবে পিতৃ-মাতৃৰ ওপৰত ভৰষা কৰে ৷ সেয়েহে, অভিভাৱকসকলে শিশুৰ মন-মগজু বিকাশৰ বাবে খাদ্যৰ উচিত যত্ন লোৱাটো অত্যন্ত দৰকাৰী ৷ শিশুটোৰ মগজু তীক্ষ্ণ কৰিবলৈ তেওঁলোকক কি খাদ্য খুৱাব লাগে, আজি জানো আহক-

কণী

কণীত কোলিন নামৰ এবিধ উপাদান থাকে, যাক শিশুৰ মানসিক বিকাশৰ বাবে ভাল বুলি গণ্য কৰা হয় ৷ তদুপৰি, কণীত প্ৰ'টিন, ভিটামিন-ডি, ভিটামিন-বি আৰু বহুতো পুষ্টি থাকে ৷ যদি আপুনি শিশুসকলক প্ৰতিটো কাৰ্যকলাপত আগবাঢ়ি থকাটো বিচাৰে, তেন্তে তেওঁলোকক প্ৰতিদিনে কণী খুৱাব ৷

সেউজীয়া শাক পাচলি

সেউজীয়া শাক- পাচলিবোৰত লেটুচ পোৱা যায়, যি শিশুসকলৰ মগজু তীক্ষ্ণ কৰাত সহায় কৰে ৷ লেটুছত ফোলেট, ফ্লেভোনইড, কেৰোটিনইড, ভিটামিন-ই আদি উপাদানো থাকে ৷ এই উপাদানসমূহে শিশুৰ মগজুৰ বিকাশত সহায় কৰে ৷

বাদাম-বীজ

বাদাম আৰু ফলৰ শুকান বীজ(ছীডছ), এই দুয়োটায়ে হৈছে মনোআনচেচুৰেটেড চৰ্বি আৰু অমেগা-৩ সমৃদ্ধ ছুপাৰফুড ৷ই মস্তিষ্কৰ বিকাশৰ বাবে অত্যন্ত প্ৰয়োজনীয় খাদ্য ৷ তদুপৰি,শিশুৰ আহাৰত আপুনি পিস্তা অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত লুটিন নামৰ এক ফাইটোকেমিকেল যি শিশুৰ মগজু তীক্ষ্ণ কৰাত সহায় কৰে ৷

দৈ

দৈ আয়ডিনৰ এক ভাল উৎস ৷ তদুপৰি, ইয়াক মস্তিষ্কৰ বিকাশৰ বাবে এক অত্যাৱশ্যকীয় পুষ্টি বুলিও গণ্য কৰা হয় ৷ দৈত প্ৰ'টিন, জিংক, ভিটামিন-বি ১২, চেলেনিয়াম, কেলচিয়াম আদি উপাদান থাকে, যাক শিশুৰ মগজুৰ বিকাশৰ বাবে অত্যাৱশ্যকীয় বুলি গণ্য কৰা হয় ৷

আভাকাডো

আভাকাডোত যথেষ্ট পৰিমাণৰ চৰ্বি থাকে ৷ ইয়াক মনোআনচেচুৰেটেড চৰ্বিৰ এক অতি ভাল উৎস বুলিও গণ্য কৰা হয় ৷ ই মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে ৷ আভাকাডো আঁহ, ভিটামিন তথা আন বহু উপাদানৰো অতি ভাল উৎস ৷ সেয়েহে, আপুনি ইয়াক শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

মাহজাতীয় শস্য-বীন

বিশেষজ্ঞসকলৰ মতে, মাহজাতীয় শস্য আৰু বীনক মেগনেছিয়াম, জিংক, আঁহ, এণ্টিঅক্সিডেণ্ট আৰু ফলেটৰ দৰে উপাদানেৰে সমৃদ্ধ বুলি গণ্য কৰা হয় ৷ ই শিশুৰ মনোভাৱ আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে ৷

ওটমিল

ওটমিলে মগজুক শক্তি যোগান ধৰাত যথেষ্ট সহায় কৰে ৷ তদুপৰি, ইয়াত যথেষ্ট পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে মনোযোগ বৃদ্ধি কৰা তথা মগজু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে ৷

ডাৰ্ক চকলেট

ইয়াত এণ্টিঅক্সিডেণ্ট আৰু কিছু পৰিমাণৰ কেফেইন থাকে, যিয়ে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে ৷ সেয়েহে আপুনি শিশুৰ খাদ্য তালিকাত ডাৰ্ক চকলেট অন্তৰ্ভূক্ত কৰিব পাৰে ৷

চালমন মাছ

ইয়াত অমেগা ৩ ফেটি এচিড থাকে, যি মগজুৰ কাৰ্যপ্ৰণালী উন্নত কৰে ৷তদুপৰি, চালমন মাছক ডি.এইচ.এ.-ৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয় ৷ ডি.এইচ.এ. হৈছে অমেগা-৩ৰ এক উৎস, যাক মস্তিষ্কৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় বুলি গণ্য কৰা হয় ৷

বেৰী

ব্লুবেৰী, ষ্ট্ৰবেৰী আৰু আন বহুতো বেৰী এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয় ৷ ই মগজুৰ কোষবোৰ সুৰক্ষিত কৰাত আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷

লগতে পঢ়ক: শীতকালত শৰীৰৰ বাবে শ্ৰেষ্ঠ এই ব্যায়াম; ইয়াক কৰাৰ পূৰ্বে মনোযোগ দিয়ক এইবোৰ কথাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.