ETV Bharat / sukhibhava

Gym tips: সুস্থ হৈ থাকিবলৈ শৰীৰ চৰ্চা কৰাটো কিমান প্ৰয়োজন ?

author img

By

Published : Aug 16, 2023, 5:52 PM IST

বৰ্তমান সময়ত প্ৰতিগৰাকী লোক শৰীৰচৰ্চাৰ প্ৰতি প্ৰতিগৰাকী লোক আগ্ৰহী হোৱা দেখা যায় । শৰী চৰ্চাৰ বাবে বহুলোকে জিমলৈ যোৱা দেখা যায় । জিমলৈ কোনসকল লোক যাব পাৰে ? ক্ষীণলোক সকলে জিম যাব পাৰে নে নোৱাৰে ? জনালে জিম প্ৰশিক্ষক ৰূপম কুমাৰ বৰুৱাই ।

Gym tips
সুস্থ হৈ থাকিবলৈ শৰীৰ চৰ্চা কৰাটো কিমান প্ৰয়োজন ?

বৰ্তমান সময়ত প্ৰতিজন মানুহৰে জীৱন যাপনৰ পদ্ধতি সলনি হোৱা দেখা যায় । সময়ৰ লগতেই আৰু ব্যস্ততাৰ বাবে মানুহৰ খাদ্যভ্যাসো সলনি হোৱা পৰিলক্ষিত হয় । বৰ্তমান সময়ত প্ৰায় ভাগ লোক ফাষ্টফুডৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখা যায় । যাৰ বাবে প্ৰতিগৰাকী লোকৰ বাবে শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । দিনটোৰ আধা ঘণ্টা সময় হলেও মানুহে নিজৰ শৰীৰটোক দিব লাগে । জিমৰ পৰিচালক ৰূপম কুমাৰ বৰুৱাই মন্তব্য কৰি কয়-"মানুহে জিমলৈ ক্ষীণ হবলৈ যাম বুলি ভাবিব নালাগে । সুস্থ আৰু সবলহৈ থাকিবলৈ আপুনি দৈনিক কৰা কাম সমূহ দৰে শৰীৰচৰ্চাও কৰিব লাগে ।

মানুহৰ খাদ্যভ্যাস কেনেধৰণৰ হোৱা উচিত

খাদ্যভ্যাস সম্পৰ্কে মন্তব্য কৰি ৰূপম কুমাৰ বৰুৱাই কয়- মানুহক জীয়াই থাকিবলৈ আচলতে বেছি খাদ্যৰ প্ৰয়োজন নহয় । আমি খোৱা খাদ্যত কম বেছি পৰিমানে কাৰ্বহাইড্ৰেট, প্ৰ’টিন আদি থাকিব লাগে ।

জিমলৈ অহা লোকসকলে কেনেধৰণৰ খাদ্যভ্যাস গঢ়ি তুলিব লাগে ?

যদিহে কোনো লোকে ওজন কমাব বিচাৰে । তেন্তে তেওঁ খালী পেটেৰে জিমলৈ আহি কৰিব লগা ব্যায়াম সমূহ কৰি, দুখন ৰুটি, দুটা কণী (কণীৰ সদায় বগা অংশ) এনেদৰে খাব পাৰে । তাৰ পিছত দুঘণ্টা পিছত পুনৰ খাদ্য গ্ৰহণ কৰিব পাৰে । পাৰিলে সদায় কম তেলযুক্ত অহাৰ গ্ৰহণ কৰিব লাগে । অলিভ অইল খাব পাৰে । জিমলৈ আহিলে ফুড ডাইটো অতি গুৰুত্বপূৰ্ণ । ৰাতি অতি সীমিত আহাৰ গ্ৰহণ কৰিব লাগে ।

জিমলৈ কেনেধৰণৰ লোক যাব পাৰে

জিমলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বয়সৰ সময়সীমা নাথাকে । সকলো ধৰণৰ লোকে জিমলৈ আহিব পাৰে । ক্ষীণলোক সকলেও জিমলৈ আহিব । জিমলৈ আহিলে ক্ষীণ মানুহ শকত হ'ব আৰু শকত মানুহজন ক্ষীণ হ'ব । সেয়েহে জিম সকলো ধৰণৰ লোকে কৰিব পাৰে ।

লগতে পঢ়ক: Conjunctivitis Myths: ক’লা চশমা পিন্ধিলে আই ফ্লু বিয়পিব পাৰেনে ? এই কথা কিমানদূৰ সত্য জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.