ETV Bharat / sukhibhava

Raisins: বিভিন্ন গুণাগুণেৰে ভৰপূৰ কিচমিচ; তিয়াই খালে পাব এই উপকাৰিতা

আমি প্ৰায়ে আমাৰ খাদ্যত কিচমিচ অন্তৰ্ভুক্ত কৰো ৷ লগতে আমাৰ মা বা আইতাহতেও প্ৰায়ে আমাক তিয়াই থোৱা কিচমিচ খাবলৈ পৰামৰ্শ দিয়ে ৷ কিচমিচ তিয়াই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াৰ কিছুমান বিশেষ উপকাৰিতাৰ বিষয়ে জানো আহক....

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:20 PM IST

What is the Health benefits of eating raisins?
বিভিন্ন গুণাগুণেৰে ভৰপূৰ কিচমিচ; তিয়াই খালে পাব এই উপকাৰিতা

কিচমিচ এবিধ অতি সাধাৰণ শুকান ফল, যিটো আমি প্ৰায়ে পায়স বা হালোৱাৰ দৰে ব্যঞ্জনত মিহলাই খাওঁ ৷ কিন্তু আপুনি জানেনে যে ইয়াক ৰাতিটো পানীত তিয়াই খালে বহুত উপকাৰ হ’ব পাৰে ৷ কিচমিচ হৈছে আঙুৰ শুকুৱাই তৈয়াৰ কৰা শুকান ফল, য’ত বহুতো পুষ্টিকৰ উপাদান থাকে আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ তিয়াই থোৱা কিচমিচ খালে কি কি লাভ হ’ব পাৰে জানি লওক-

কলেষ্টেৰল হ্ৰাস কৰে

ৰাতি পানীত তিয়াই থোৱা কিচমিচ খালে আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ এইখিনি খালে শৰীৰৰ বেয়া কলেষ্টেৰল কমি যায় আৰু ভাল কলেষ্টেৰল বৃদ্ধি পায় ৷ ইয়াৰ ফলত আপোনাৰ ধমনীবোৰ বন্ধ হোৱাৰ সম্ভাৱনা কম হ’ব পাৰে ৷ ইয়াৰ উপৰিও এইবোৰ খালে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও হ্ৰাস পায়, যিয়ে আপোনাক ষ্ট্ৰোক আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷

এন্টি অক্সিডেন্টৰ দ্বাৰা সমৃদ্ধ

এন্টি অক্সিডেন্ট আমাৰ শৰীৰৰ ফ্ৰী ৰেডিকেলৰ ক্ষতি হ্ৰাস কৰে ৷ কিচমিচত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে ৷ কিচমিচ পানীত তিয়াই খালে ইয়াত থকা এন্টি-অক্সিডেন্টবোৰ সোনকালে নিৰ্গত হয় ৷ এন্টি অক্সিডেণ্টে আপোনাক কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷

ওজন হ্ৰাস কৰাত সহায়ক

কিচমিচে আন শুকান ফলৰ দৰে ওজন কমোৱাত সহায় কৰে ৷ কিচমিচ খালে যথেষ্ট শক্তি পোৱা যায়, যাৰ বাবে আপুনি বাৰে বাৰে ভোক অনুভৱ নকৰে আৰু আপুনি অধিক খাদ্য গ্ৰহণৰ পৰা বিৰত থাকে ৷ প্ৰয়োজনতকৈ অধিক খাদ্য গ্ৰহণ নকৰাৰ ফলত আপোনাৰ ওজন বৃদ্ধি নহয় আৰু লগতে ওজন কমোৱাতো সহায় কৰে ৷

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

কিচমিচত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত ৰক্তবাহী নলীবোৰ জঠৰ হোৱাত বাধা দিয়ে, যাৰ বাবে ৰক্তচাপ বৃদ্ধি নহয় আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ উপৰিও ইয়াত পটাছিয়ামো পোৱা যায়, ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপো প্ৰতিৰোধ হয় ৷ গতিকে ৰাতি পানীত তিয়াই থোৱা কিচমিচ খালে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয় ৷

হজম ক্ৰিয়াত উপকাৰী

খাদ্য হজম আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবৰ বাবে আঁহ অতি উপকাৰী কিচমিচ ৷ কিচমিচত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে হজম শক্তিত সহায় কৰে ৷ গতিকে তিয়াই থোৱা কিচমিচ খালে আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভালে থাকে ৷ ইয়াৰ উপৰিও ই অন্ত্ৰত খাদ্য লৰচৰ কৰাত সহায় কৰে, যাৰ ফলত পেট ফুলা আৰু কোষ্ঠকাঠিন্য ৰোধ হয় ৷

যকৃতৰ বাবে উপকাৰী

কিচমিচত বায়’ফ্লেভন’ইড পোৱা যায়, যিয়ে আপোনাৰ তেজ আৰু যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে ৷ কিচমিচতো এন্টি অক্সিডেন্ট পোৱা যায়, যাৰ বাবে ই যকৃতৰ বাবে উপকাৰী ৷ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ যকৃত সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয় ৷ গতিকে প্ৰতিদিনে ইয়াক ৰাতিটো পানীত তিয়াই থোৱা কিচমিচ খালে আপোনাৰ যকৃতৰ বাবে যথেষ্ট উপকাৰী ৷

লগতে পঢ়ক: World Diabetes Day 2023: ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আজিয়েই ত্যাগ কৰক এই 7টা অভ্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.