ETV Bharat / sukhibhava

Hypothyroidism: গৰ্ভাৱস্থাত হাইপোথাইৰয়ডিজমে মাতিব পাৰে বিপদ, ইয়াৰ লক্ষণ তথা চিকিৎসা জানি লওক

author img

By

Published : Jul 14, 2023, 12:26 PM IST

গৰ্ভৱতী মহিলাৰ হাইপোথাইৰয়ডিজম হোৱাটো খুবেই বিপদজনক, সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে মাতৃ আৰু শিশু উভয়ৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

What is the effect of hypothyroidism on pregnancy, know its symptoms
গৰ্ভাৱস্থাত হাইপোথাইৰয়ডিজমে মাতিব পাৰে বিপদ, ইয়াৰ লক্ষণ তথা চিকিৎসা জানি লওক ?

এগৰাকী মহিলাই গৰ্ভাৱস্থাৰ আগতে আৰু গৰ্ভাৱস্থাৰ সময়ত বহু পৰীক্ষা কৰিব লাগে, থাইৰয়ড তাৰ ভিতৰত অন্যতম । এই পৰীক্ষাটোও গুৰুত্বপূৰ্ণ কাৰণ থাইৰয়ডৰ মাত্ৰা সঠিক নহ’লে মাতৃ আৰু সন্তান উভয়ৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে । আনকি গৰ্ভস্থ শিশুৰো থাইৰয়ডৰ আশংকা থাকে । সেয়েহে থাইৰয়ড বিশেষজ্ঞসকলে সকলো গৰ্ভৱতী মহিলাক থাইৰয়ড পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ।

আজিৰ প্ৰতিবেদন এই বিষয়ৰ ওপৰতেই আধাৰিত । এই প্ৰতিবেদনৰ জৰিয়তে আমি থাইৰয়ড সম্পৰ্কীয় বহু তথ্য আগবঢ়াইছো । যদি আপুনি মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে বা ইতিমধ্যে গৰ্ভধাৰণ কৰিছে, তেন্তে এই প্ৰতিবেদনটিয়ে আপোনাক সকলো দিশতে সহায় কৰিব ।

হাইপোথাইৰয়ডিজম হৈছে থাইৰয়ড গ্ৰন্থি অনডাৰএক্টিভৰ ফলত হোৱা এক অৱস্থা । গৰ্ভাৱস্থাতো ই হ’ব পাৰে, ইয়াৰ বহু লক্ষণ গৰ্ভাৱস্থাৰ দৰেই। যেনে, ভাগৰুৱা, ওজন বৃদ্ধি, ঋতুস্ৰাৱৰ পৰিৱৰ্তন আদি দুয়োটা কাৰণেই হ’ব পাৰে । থাইৰয়ড হৰম’নৰ মাত্ৰা কম হ’লেও গৰ্ভধাৰণত সমস্যা হ’ব পাৰে । লগতে ই গৰ্ভপাতৰ কাৰণ হ’ব পাৰে ।

গৰ্ভাৱস্থাত মহিলাৰ ক্ষেত্ৰত হোৱা ডায়েবেটিছৰ পিছত থাইৰয়ড ৰোগ দ্বিতীয় সৰ্বাধিক । যদি থাইৰয়ড নিয়ন্ত্ৰণত ৰখা নহয়, তেন্তে গৰ্ভাৱস্থাত জটিলতা আৰু বিপদৰ সৃষ্টি হ’ব পাৰে । গতিকে গৰ্ভাৱস্থাত ইয়াক আওকাণ কৰাৰ ভুল নকৰিব । হাইপাৰথাইৰয়ডিজমৰ তুলনাত গৰ্ভৱতী মহিলাৰ হাইপোথাইৰয়ডিজমৰ সম্ভাৱনা বৃদ্ধি পায় ।

গৰ্ভাৱস্থাত হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ কি কি ?

হাইপোথাইৰয়ডিজমৰ দৰে থাইৰয়ড ৰোগৰ লক্ষণ গৰ্ভাৱস্থাৰ দৰেই আৰু প্ৰাৰম্ভিক পৰ্যায়ত ইয়াক ধৰা পেলোৱাটো কঠিন হৈ পৰে । লক্ষণসমূহৰ ভিতৰত থাকিব পাৰে:

  • ওজন বৃদ্ধি
  • ভাগৰ
  • কোষ্ঠকাঠিন্য
  • ঠাণ্ডা
  • উদাসীনতা
  • শুকান ছাল আৰু চুলি
  • মুখৰ ফুলা
  • কাৰ্পেল টানেল চিনড্ৰম (হাতৰ জিনজিননি বা বিষ)
  • মাংসপেশীৰ ক্ৰেম্প

হাইপোথাইৰয়ডিজমে গৰ্ভাৱস্থাত কেনে প্ৰভাৱ পেলাব পাৰে ?

হাইপোথাইৰয়ডিজমে গৰ্ভাৱস্থাৰ সময়ত আৰু প্ৰসৱৰ পিছত মহিলা আৰু শিশুৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে । যাৰ ভিতৰত:

  • ৰক্তহীনতা
  • গৰ্ভাৱস্থাৰ উচ্চ ৰক্তচাপ
  • প্ৰিক্লেম্পচিয়া (preeclampsia)
  • প্লেচেণ্টাৰ এব্ৰুপচন (placenta abruption)
  • প্ৰসৱৰ পিছৰ ৰক্তক্ষৰণ
  • হৃদযন্ত্ৰৰ বিকলতা
  • থাইৰয়ড

কেঁচুৱাৰ বাবে সমস্যাসমূহৰ ভিতৰত থাকিব পাৰে:

  • অকাল জন্ম
  • জন্মৰ সময়ত কম ওজনৰ শিশু
  • ডিঙি ফুলা
  • থাইৰয়ডৰ সমস্যা
  • গৰ্ভপাত বা মৃত সন্তান জন্ম

ইয়াৰ পৰা হাত সাৰিবলৈ গৰ্ভৱস্থাৰ সময়ত থাইৰয়ড পৰীক্ষা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় ৷ ইয়াৰ দ্বাৰাহে আপুনি আৰু আপোনাৰ সন্তানটি হাইপোথাইৰয়ডিজমৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব ৷

লগতে পঢ়ক: Obesity in pregnancy: গৰ্ভাৱস্থাত মেদবহুলতাই মাতৃ তথা সন্তান উভয়ৰে বাবে মাতিব পাৰে বিপদ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.