আমি প্ৰায়ে শুনি আহিছো যে ফল-মূলত ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াৰ নিয়মীয়া সেৱনে আমাক সুস্থ কৰি তুলিব পাৰে । এই কাৰণেই প্ৰায়ে ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হয় । ফলমূল খালে উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, হৃদৰোগ, কেন্সাৰ আদি বিপদজনক ৰোগৰ পৰা হাত সাৰিব পাৰি । অৱশ্যে আপুনি নিশ্চয় শুনিছে যে যদিহে স্বাস্থ্যসন্মত খাদ্য সঠিক সময়ত নাখায়, তেন্তে আপুনি হয়তো লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । গতিকে সতেজ ৰসাল ফল খোৱাৰ উত্তম সময় কি পুষ্টিবিদৰ পৰা জানি লওক-
কেতিয়া ফল-মূল খাব লাগে ?
বিশেষজ্ঞৰ মতে, আপেল, কল, তৰমুজ, এভোকাডো, আম, আনাৰস, চাপোটা আদি ফল ৰাতিপুৱা খাব লাগে । ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক-
ৰাতিপুৱা ফল-মূল খোৱাৰ উপকাৰিতা
১/ ভিটামিন আৰু খনিজ পদাৰ্থ
ৰাতিপুৱা ফল-মূল সেৱন কৰিলে আপোনাৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ মাত্ৰা আগতীয়াকৈ পোৱাটো নিশ্চিত কৰে, যাৰ ফলত দিনটোৰ বাবে এক সুস্থ সুৰ নিৰ্ধাৰণ কৰা হয় ।
২/ শৰীৰটো হাইড্ৰেট হৈ থাকিব
তৰমুজ আৰু কমলাৰ দৰে ফলত পানীৰ পৰিমাণ বেছি থাকে, ই আপোনাৰ দিনটো হাইড্ৰেচনৰ সৈতে আৰম্ভ কৰাত সহায় কৰে ।
৩/ প্ৰাকৃতিক চেনি
প্ৰাকৃতিক চেনি ফলমূলত পোৱা যায়, যিয়ে ৰাতিপুৱা আপোনাৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ প্ৰয়োজনীয় শক্তি প্ৰদান কৰে ।
৪/ হজম শক্তি আৰু ওজন কমি যোৱা
ফলত থকা আঁহে হজম শক্তিত সহায় কৰে আৰু আপোনাক ভৰপূৰ অনুভৱ কৰাত সহায় কৰে, যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতিপুৱা ফল খাওক ।