ETV Bharat / sukhibhava

অনিয়মীয়া ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ দিব এই 4বিধ সামগ্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:44 PM IST

যদি আপোনাৰ নিয়মিতভাৱে মাহেকীয়া নহয়, তেন্তে আপুনি কিছুমান খাদ্য খাই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

What is the best medicine for irregular periods?
অনিয়মীয়া ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ দিব এই 4বিধ সামগ্ৰীয়ে

মহিলাসকলৰ মাহেকীয়া হোৱাত স্বাভাৱিকতে ২৮-২৯ দিনৰ ব্যৱধান থাকে ৷ বহু সময়ত এই নিৰ্ধাৰিত ব্যৱধানৰ ২-১ দিনৰ আগ-পিছ হয় ৷ কিন্তু যদি মাহেকীয়া হোৱাৰ ব্যৱধান ৪০-৪৫ দিনলৈ বৃদ্ধি হয়, তেনেহ'লে সেয়া চিন্তাৰ বিষয় ৷ বহু মহিলাই এই সমস্যাৰ সৈতে মোকাবিলা কৰি থাকে যদিও চিকিৎসকৰ ওচৰলৈ যাবলৈ সংকোচ কৰে ৷ যদি আপোনাৰ নিয়মিতভাৱে মাহেকীয়া নহয়, তেন্তে আপুনি কিছুমান খাদ্য খাই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

অনিয়মীয়া মাহেকীয়াৰ ঘৰুৱা প্ৰতিকাৰ

কেঁচা অমিতা

যদি মাহেকীয়া সময়মতে নহয়, কেঁচা অমিতা খাব পাৰে ৷ কেঁচা অমিতাই ঋতুস্ৰাৱৰ প্ৰবাহ উন্নত কৰে আৰু শৰীৰক আঁহো প্ৰদান কৰে ৷ কেইদিনমানৰ বাবে কেঁচা অমিতা একেৰাহে খালেই আপোনাৰ সময়মতে মাহেকীয়া হ'ব ৷

ছালকুঁৱৰী

অনিয়মীয়া মাহেকীয়াত ভূগী থকাসকলে ছালকুঁৱৰী খাব পাৰে ৷ ই হৰমন নিয়ন্ত্ৰণ কৰে ৷ ছালকুঁৱৰীৰ বাকলি আঁতৰাই ইয়াক এক চামুচ মৌৰ সৈতে মিহলি কৰক আৰু পুৱাৰ আহাৰৰ আগতে দৈনিক খাওঁক ৷

হালধি

ঔষধি গুণ সমৃদ্ধ হালধিয়ে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰে ৷ ইয়াৰ বাবে গাখীৰত এক চতুৰ্থাংশ চামুচ হালধি আৰু মিঠাইৰ বাবে গুড় বা মৌ মিহলি কৰি খাব ৷

আদা

সময়মতে মাহেকীয়া হ’বলৈ এক চামুচ সতেজ আদা এক গিলাচ পানীত ৫ মিনিটৰ বাবে উতলাওক ৷ এতিয়া এই পানীত চেনী মিহলি কৰি খোৱাৰ পিছত দিনত ৩ বাৰ খাওঁক ৷ ই অনিয়মীয়া ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে ৷

বি. দ্ৰ- যদি এই ঘৰুৱা প্ৰতিকাৰবোৰ ব্যৱহাৰ কৰি আপুনি অনিয়মীয়া মাহেকীয়া সমস্যাৰ সমাধান লাভ নকৰে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: আপোনাৰো খুব চুলি সৰে নেকি ? জানি লওক ইয়াৰ প্ৰকৃত কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.