ETV Bharat / sukhibhava

কি হয় স্প’ৰ্টছ হাৰ্নিয়া ? যি সমস্যাত ভুগিছে ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱ - Surya Kumar Yadav

Sports Hernia: শেহতীয়াকৈ ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ স্প’ৰ্টছ হাৰ্নিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব ৷ সুস্থ নোহোৱালৈকে খেলুৱৈগৰাকীয়ে খেলৰ পৰা বিৰতি ল’ব লাগিব ৷ সেয়ে জানো আহক এই ৰোগ দৰাচলতে হয় কি ? আৰু ইয়াৰ পৰা কেনেকৈ আৰোগ্য লাভ কৰিব পাৰি ৷

What is Sports Hernia? Cricketer Surya Kumar Yadav is suffering from this
কি হয় স্প’ৰ্টছ হাৰ্নিয়া ? যি সমস্যাত ভুগিছে ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱ
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 11:11 AM IST

স্প’ৰ্টছ হাৰ্নিয়া হৈছে এক প্ৰকাৰৰ সমস্যা যিটো বেছিভাগেই খেলুৱৈৰ ক্ষেত্ৰত দেখা দিয়ে ৷ ইয়াৰ কাৰণ হ’ল যেতিয়া তেওঁলোকে কৰা শাৰীৰিক কাৰ্যকলাপৰ বাবে তেওঁলোকৰ মাংসপেশী আৰু গাঁঠিবোৰ আঘাতপ্ৰাপ্ত হয় ৷ এই সন্দৰ্ভত চিকিৎসকে কয় যে, সহজ ভাষাত শাৰীৰিক কাৰ্যকলাপ, দৌৰি ফুৰিলে পেশীত টান পৰে আৰু গাঁঠিবোৰত প্ৰভাৱ পৰে, যাৰ বাবে গাঁঠিবোৰ ফাটি যায় বা আঘাতপ্ৰাপ্ত হয় ৷ যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে ৷ শেহতীয়াকৈ ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ স্প’ৰ্টছ হাৰ্নিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব ৷ সুস্থ নোহোৱালৈকে খেলুৱৈগৰাকীয়ে খেলৰ পৰা বিৰতি ল’ব লাগিব ৷

স্প’ৰ্টছ হাৰ্নিয়া কি ?

স্প’ৰ্টছ হাৰ্নিয়া (Sports Hernia) হৈছে এক বিশেষ ধৰণৰ চিকিৎসাজনিত অৱস্থা ৷ য’ত বিশেষকৈ খেলুৱৈ অৰ্থাৎ ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় ৷ পেটৰ তলৰ অংশত আঘাত পালে আৰু অনবৰতে বিষ হ’লে এনে সমস্যাই দেখা দিয়ে৷ ইয়াৰ ফলত দীৰ্ঘদিনীয়া বিষৰ কাৰণো হ’ব পাৰে ৷ ইয়াৰ প্ৰথম লক্ষণ হ’ল বুকুত জ্বলা-পোৰা, যিটো পিছলৈ বিয়পি পৰে আৰু সমগ্ৰ অংশটো বিষ আৰু সংবেদনশীল অনুভৱ কৰায় ৷ এইটো জনাটো গুৰুত্বপূৰ্ণ যে স্প’ৰ্টছ হাৰ্নিয়া নিয়মীয়া হাৰ্নিয়াতকৈ পৃথক ৷ চিকিৎসাৰ ভাষাত ইয়াক “এথলেটিক পিউবালজিয়া” বুলি কোৱা হয় ৷ হাৰ্নিয়া আৰু স্প’ৰ্টছ হাৰ্নিয়াৰ লক্ষণ একে হ’লেও স্প’ৰ্টছ হাৰ্নিয়াৰ আৰম্ভণিতে পেটৰ তলৰ অংশ আৰু কঁকালত সামান্য বিষ হয় আৰু ইয়াৰ ফলত কলাৰ ক্ষতি হয় ৷ আনহাতে, মানৱ শৰীৰৰ কিছুমান অংগ শৰীৰৰ ভিতৰত ফুটা হোৱা ঠাইত থাকে । এই ফুটা হোৱা ঠাইবোৰক “শৰীৰৰ গহ্বৰ” বুলি কোৱা হয় । শৰীৰৰ গহ্বৰটো চামৰাৰ দৰে আৱৰণেৰে আবৃত হৈ থাকে । কেতিয়াবা এই গহ্বৰবোৰৰ আৱৰণ ফাটি অংগটোৰ কোনো অংশ বাহিৰলৈ ওলাই আহে । এনে বিকৃতিক হাৰ্নিয়া বোলা হয় । হাৰ্নিয়াৰ বিকাশৰ বিপদজনক কাৰকসমূহ হ’ল ধূমপান, দীৰ্ঘদিনীয়া বাধাপ্ৰাপ্ত পালমোনাৰী ৰোগ, মেদবহুলতা, গৰ্ভাৱস্থা, পেৰিটনিয়াল ডায়েলাইছিছ, কলাজেন ভেছকুলাৰ ৰোগ, আৰু পূৰ্বৰ মুকলি এপেণ্ডেক্টমী । হাৰ্নিয়াৰ প্ৰৱণতা জিনীয়, আৰু কিছুমান পৰিয়ালত বেছিকৈ দেখা দিয়ে । হাৰ্নিয়াৰ প্ৰৱণতা সৃষ্টি কৰা ক্ষতিকাৰক মিউটেচনটো প্ৰধানকৈ উত্তৰাধিকাৰী সূত্ৰে পোৱা যেন লাগে (বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত)।

  • Suryakumar Yadav is also likely to miss out on the Ranji Trophy and a few matches of the IPL 2024 for the Mumbai Indians.

    Wishing him a speedy recovery 🙌 pic.twitter.com/8c1TqQ7joD

    — CricTracker (@Cricketracker) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষণ-

১) হাঁচি বা কাহৰ সময়ত বিষ হোৱা

২) দৌৰা, জপিওৱা বা খোজ কঢ়াৰ দৰে কামত অসুবিধা অনুভৱ কৰা

৩) জিৰণি লোৱাৰ লগে লগে বিষ ভাল হয়, কিন্তু কাৰ্যকলাপৰ লগে লগে বিষ বেছি হয়

৪) কঁকালৰ তলৰ অংশ বা পেলভিক অংশত বিষ হোৱা

৫) শাৰীৰিক কাৰ্যকলাপৰ সময়ত বিষ হোৱা

৬) তলপেটৰ বিষ

কাৰণ-

  • যদি আপুনি দীৰ্ঘদিন ধৰি খেলা-ধূলাৰ সৈতে জড়িত তেন্তে আপোনাৰ এই সমস্যা হোৱাৰ সম্ভাৱনা বেছি হ’ব পাৰে ৷
  • যদি কোনোবাই ইতিমধ্যে ভাবিছে যে তেওঁলোকৰ অন্য কোনো আঘাত হৈছে, তেন্তে তেওঁলোকৰ স্প’ৰ্টছ হাৰ্নিয়া এৰিয়াতো সমস্যা হ’ব পাৰে-
  • ক্ৰীড়া বা কিছুমান বিশেষ কামত অত্যধিক চাপে এই সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে ৷
  • ক্ৰীড়া খেলি থকাৰ সময়ত শৰীৰৰ যিকোনো অংশ আঘাতপ্ৰাপ্ত হ’লে স্প’ৰ্টছ হাৰ্নিয়া হ’ব পাৰে৷ এই সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় যদিও, কিন্তু চিকিৎসক আৰু চিকিৎসাৰ সহায়ত ৬-৮ সপ্তাহৰ পিছত এই সমস্যাবোৰ নাইকিয়া হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ পিছত সম্পূৰ্ণ সুস্থ হৈ পুনৰ খেল খেলিব পৰা হ’বলৈ ৬-১২ সপ্তাহ সময়ৰ প্ৰয়োজন হয় ৷

লগতে পঢ়ক: হাৰ্নিয়াত ভুগিছে, আইপিএলৰ পৰা বাহিৰ হ'ব নেকি সূৰ্যকুমাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.