গুৱাহাটী, 22 নৱেম্বৰ: হাৰ্ট ভালভ বা পট ৰোগ যদিও মধ্য বয়সত হোৱা দেখা যায় কিন্তু ইয়াৰ আৰম্ভণি শৈশৱ কালতেই আৰম্ভ হয় ৷ সহজ অৰ্থত ক’বলৈ হ’লে ইয়াৰ ইয়াৰ বীজাণুতো শৈশৱতেই আৰম্ভ হ'বলৈ ধৰে ৷ সাধাৰণতে পাঁচ বছৰৰ পৰা ১৫ বছৰৰ ল’ৰা-ছোৱালীৰ 'ৰিউমেটিক ফিভাৰ' হোৱা দেখা যায় ৷ সৰুতে বিশেষকৈ এই বিষয়ত শিশুসকল সঘনাই ডিঙিৰ বা সংক্ৰমণত ভোগা দেখা যায় ৷
সাধাৰণতে আমি এনে হ’লে' ফেৰেনজাইটিছ' বুলি কওঁ ৷ এই ' ফৰেনজাইটিছ' যিবিধ গ্ৰুপ এ ষ্ট্ৰেপটোকক্কাছ বেক্টেৰিয়াৰ হয় ৷ সেই বেক্টেৰিয়াটোৰ এন্টিজেন্ট হাই ভালভৰ টিছ্যু বা কলাত ক্ৰছৰিয়েক্ট কৰে ৷ যাৰ ফলত হাৰ্ট ভালভৰ যি কেইখন দুৱাৰ আছে সেই দুৱাৰত প্ৰভাৱ পৰে ৷
আমাৰ হৃদযন্ত্ৰৰ ভিতৰত চাৰিখন ভালভ থাকে ৷ বাওঁফালে থকা ভালভৰ এখনক "মাইট্ৰেল ভালভ বুলি কয় আৰু আনখন হৈছে ' ট্ৰাইস্কুছপিড ৷ আনহাতে সোঁ ফালে থকা ভালভ দুখনৰ এখনক পলিম'মাৰী আৰু আনখনক এওৰটিক ভালভ বুলি কয় ৷ প্ৰতিটো ভালভৰে দুৱাৰ থাকে ৷ এই দুৱাৰ কেইখন প্ৰতিবাৰ হৃদস্পন্দনৰ সময়ত খোল খাই আৰু বন্ধ হয় ৷
ৰিউমেটিক জ্বৰ হ’লে সাধাৰণতে প্ৰথমতে মাইট্ৰল ভালভৰ প্ৰভাৱ পৰে ৷ ইয়াৰ পিছতে এঅ'ৰটিক ভালভত প্ৰভাৱ পৰা দেখা যায় তৃতীয়তে ৰিউমেটিক জ্বৰে প্ৰভাৱ পেলায় ট্ৰাইস্কুছপিড ভালভত ৷
এনে ৰোগীৰ যদি ৰোগৰ ইতিহাস থাকে, তেতিয়া এই বিষয়ে প্ৰশ্ন কৰিলে সৰুতে সঘনাই ডিঙিত সংক্ৰমণ বা ফেৰেনজাইটিছ হৈছিল বুলি কয় ৷ কিছুমানৰ আকৌ দীৰ্ঘদিন ধৰি জ্বৰ হোৱাৰো ইতিহাস থাকে ৷ কোনো কোনো লোকৰ আকৌ দীৰ্ঘদিন ধৰি আঁঠুৰ বিষ হয় ৷ এয়া হৈছে অতীতত হোৱা ইতিহাস ৷ এনেৰোগীৰ বৰ্তমান লক্ষণ হিচাপে বুকুখন ধপ্ ধপ্ কৰে ৷ সামান্য কাম কৰিলেই বুকুত ধপধপনি আৰম্ভ হয় ৷ সাধাৰণ কাম এটা কৰিলেই ভাগৰ অনুভৱ হবলৈ ধৰে ৷ এনেৰোগীয়ে আনকি দৈনন্দিন সম্পাদন কৰা কামখিনিও কৰিব নোৱাৰে ৷
এই ৰোগৰ প্ৰতিৰোধ কেনেদৰে কৰিব ?
হাৰ্ট ভালভ ৰোগ প্ৰতিৰোধ কৰিবলৈ আমি কিছু কিছুক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব ৷ সৰু বয়সত সঘনাই ফেৰেনজাইটিছ হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা কৰিব লাগে ৷ ব্যস্ত এলেকা বা বেছি জনসংখ্যা থকা ঠাইৰ শিশুৰ এনে সমস্যাই সঘনাই গা কৰি উঠা দেখা যায় ৷ অপৰিষ্কাৰ পৰিৱেশত থাকিলেও এনে হোৱাৰ আশংকা থাকে ৷