ETV Bharat / sukhibhava

Hair Botox: চুলিৰ ব'টক্স কি ? ইয়াৰ পৰা কি কি লাভালাভ হ'ব পাৰে জনালে চুলি বিশেষজ্ঞ ৰাজু ৰিয়াজে - চুলি বিশেষজ্ঞ ৰাজু ৰিয়াজ

ব'টক্স এটা আগশাৰীৰ চুলিৰ চিকিৎসা । বৰ্তমান সময়ছোৱাত এই চিকিৎসা বিশ্বব্যাপী চেলুনবোৰত গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । হেয়াৰ ব'টক্স সম্পৰ্কে জনালে চুলি বিশেষজ্ঞ ৰাজু ৰিয়াজে ৷

Hair botox
চুলিৰ ব'টক্স কি ?
author img

By

Published : Aug 14, 2023, 3:43 PM IST

চুলি বিশেষজ্ঞ ৰাজু ৰিয়াজ

হেয়াৰ ব'টক্স হৈছে এক গভীৰ কণ্ডিচনিং চিকিৎসা । যাৰ দ্বাৰা চুলিৰ আঁহবোৰ ফিলাৰৰ সৈতে কোট কৰে, অৰ্থাৎ কেৰাটিন কৰে । এই চিকিৎসাই চুলি বোৰ অধিক শক্তিশালী আৰু উজ্জ্বল কৰি তুলিবলৈ সহায় কৰাৰ লগতেই প্ৰতিটো চুলিৰ টুকুৰাত ফাটি যোৱা আৰু পাতল ঠাইবোৰ পূৰণ কৰে । হেয়াৰ ব'টক্স মূলত চুলি পুনৰুজ্জীৱিতকৰণ এক চিকিৎসা ।

এই পদ্ধতিয়ে চুলিত তীব্ৰ হাইড্ৰেচন প্ৰদান কৰাৰ লগতেই এক সুৰক্ষা প্ৰদান কৰা সহায় কৰে । চুলিৰ বটক্স চিকিৎসা হৈছে গভীৰ কণ্ডিচনিং যি চুলিবোৰ পুনৰ গজাত সহায় কৰে । এক কথাত চুলিৰ বটক্স হৈছে এক এণ্টি-এজিং চিকিৎসা ।

চুলিৰ ব'টক্স কৰিলে হোৱা লাভালাভ বোৰ কি ?

১. চুলিৰ ব'টক্সয়ে চুলিক অতিৰিক্ত ভলিউম প্ৰদান কৰে ।

২. ফটা বা ভঙা আৰু ক্ষতিগ্ৰস্ত চুলিৰ টুকুৰাবোৰ মেৰামতি কৰাত সহায় কৰে ।

৩. চুলিৰ ব'টক্স চুলিবোৰ মসৃণ আৰু উজ্জ্বল কৰি তোলে ।

৪. চুলিৰ ফ্ৰিজিনেছৰ চিকিৎসা কৰে ।

৫. যিসকল লোকে যথেষ্ট ঘাম ওলায় তেওঁলোকৰ চুলি ৰঙচোঁতা হয়। ব'টক্স ইয়াক হ্ৰাস কৰাত সহায় কৰে ।

৬. ডিহাইড্ৰেটেড চুলি মেৰামতি কৰাত সহায় কৰে ।

কোনে সকল লোকে চুলিৰ ব'টক্স কৰিব পাৰে ?

১. যি সকল ব্যক্তিৰ চুলিৰ কম তেওঁলোকে চুলিৰ ব'টক্স কৰিব পাৰে ।

২. ফ্ৰিজি আৰু ক্ষতিগ্ৰস্ত চুলি থকা লোক সকলে চুলিৰ ব'টক্স কৰিব পাৰে ।

চুলিৰ বটক্সৰ পিছত আপোনাৰ চুলিৰ যত্ন কেনেদৰে ল'ব ?

১) চুলিৰ ব'টক্স কৰা পিছত নিম্নতম দুদিনৰ বাবে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে ।

২) চুলিৰ ব'টক্সৰ পিছত মৃদু চেম্পু ব্যৱহাৰ কৰিব লাগে ।

৩) সপ্তাহত এবাৰ হলেও হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব লাগে ।

৪) আপোনাৰ চুলিত ষ্ট্ৰেটনাৰ, ব্লো-ড্ৰাই, কাৰ্লাৰ আদিৰ ব্যৱহাৰ ।

৫) প্ৰচণ্ড গৰমত বাহিৰলৈ যাওঁতে, চুলি কোমল স্কার্ফেৰে ঢাকি যাব লাগে ।

লগতে পঢ়ক: World Organ Donation Day 2023: এইসকল লোকে কৰিব নোৱাৰে অংগদান; কোনে কেনেকৈ কেতিয়া অংগদান কৰিব পাৰে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.