ETV Bharat / sukhibhava

Skipping Dinner: ৰাতিৰ আহাৰ এৰি দিয়াটো কিয় বেয়া অভ্যাস বুলি কোৱা হয় ? কাৰণ জানিলে এই কাম কৰিবলৈ পাহৰি যাব আপুনি

author img

By

Published : Jul 29, 2023, 5:46 PM IST

Side Effects Of Skipping Dinner: সাধাৰণতে প্ৰত্যেক সময়ৰ আহাৰ আমাৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু যদি আপুনি ৰাতিৰ আহাৰ নাখায়, তেন্তে আপোনাৰ শৰীৰত এই গুৰুতৰ সমস্যাসমূহে দেখা দিব পাৰে ।

What Happens to the Body When You Skip dinner ?
ৰাতিৰ আহাৰ এৰি দিয়াটো কিয় বেয়া অভ্যাস বুলি কোৱা হয় ? কাৰণ জানিলে এই কাম কৰিবলৈ পাহৰি যাব আপুনি

জীৱনত আমি যিমানেই ব্যস্ত নহওঁক কিয়, কিন্তু পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ খাবলৈ নাপাহৰো, শৰীৰৰ পুষ্টি আৰু আমাৰ সামগ্ৰিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ । যদিও বহুতে ৰাতিৰ আহাৰ নোখোৱাকৈ টোপনি যায়, তথাপিও ইয়াৰ আঁৰত বহু কাৰণ আছে ।

কোনোবা কৰ্মৰত ব্যক্তি ৰাতি অফিচৰ পৰা অহাৰ পিছত ইমানেই ভাগৰুৱা হৈ পৰে যে শুই পৰাৰ লগে লগে টোপনি যায়, আনহাতে বহুতে অনুভৱ কৰে যে ৰাতি খাদ্য গ্ৰহণ নকৰিলে তেওঁলোকৰ ওজন হ্ৰাস পাব । কিন্তু তেনে কৰি থাকোঁতে আপুনি ক’ৰবাত নহয় ক’ৰবাত নিজক ক্ষতি কৰি আছে । নিশাৰ আহাৰ পৰিহাৰ কৰিলে কেনেধৰণৰ বেয়া প্ৰভাৱ পৰিব পাৰে জানো আহক ।

ৰাতিৰ আহাৰ এৰি দিয়াৰ পাৰ্শ্বক্ৰিয়া

১/ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব

যদি আপুনি কেৱল ওজন কমাব বুলি ভাবি ৰাতিৰ খাদ্য খোৱা নাই, তেন্তে আপুনি এটা ডাঙৰ ভুল বুলি কৰি আছে, কাৰণ এনে কৰিলে তেওঁলোকৰ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব আৰু শৰীৰটো পুষ্টিহীনতাৰ বলি হ’ব । ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰৰ কাৰ্যত পৰিব পাৰে । এনে পৰিস্থিতিত আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে আৰু ৰক্তহীনতাৰ সন্মুখীন হ’ব পাৰে ।

২/ শক্তিৰ অভাৱৰ আশংকা

ৰন্ধা-বঢ়াৰ এলাহৰ বাবে যদি ৰাতিৰ আহাৰ গ্ৰহণ নকৰে, তেন্তে স্বাস্থ্যৰ বাবে ই একেবাৰেই ভাল নহয়, ই এটা বেয়া অভ্যাস, যিমান সোনকালে আপুনি ইয়াৰ অনুতাপ কৰিব সিমানেই ভাল হ’ব কাৰণ শুই থকাৰ সময়ত শাৰীৰিক ক্ৰিয়া-কলাপ নকৰিলেও কিন্তু ৰাতি আমাৰ মগজুৱে কাম কৰি আছে । এনে পৰিস্থিতিত টোপনিত শক্তিৰ অভাৱ হ’ব আৰু পিছদিনাও আপুনি দুৰ্বলতা আৰু ভাগৰুৱা হোৱাৰ অভিযোগ কৰিব পাৰে ।

৩/ নিদ্ৰাত অসুবিধা হ’ব পাৰে

যদি আপুনি ৰাতি খাদ্য নোখোৱাকৈ টোপনি যায় তেন্তে মাজনিশা বা গভীৰ নিশা হঠাতে ভোক অনুভৱ কৰিব, যাৰ বাবে আপুনি ৮ ঘণ্টা জিৰণি লৈ টোপনি গ্ৰহণ কৰিব নোৱাৰিব, যাৰ ফলত আপুনি পিছদিনা এলেহুৱা আৰু ভাগৰুৱা অনুভৱ কৰিব ৷ সেইবাবেই ৰাতিৰ আহাৰ কেতিয়াও ত্যাগ কৰাটো উচিত নহয় ।

লগতে পঢ়ক: World ORS Day 2023: ডায়েৰীয়াৰ চিকিৎসাত অ’ আৰ এছৰ ভূমিকা কি ? জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.