ETV Bharat / sukhibhava

Benefits of Boiled Egg: সিজোৱা কণী আপোনাৰ প্ৰিয় নেকি ? তেন্তে নিশ্চয় পঢ়ক এই প্ৰতিবেদন - সিজোৱা কণী খোৱাৰ উপকাৰিতা

আমাৰ স্বাস্থ্যৰ বাবে কণী অতি উপকাৰী । প্ৰ’টিনৰ ভাল উৎস হোৱাৰ বাবে বহুতে ইয়াক নিজৰ খাদ্যৰ অংশ কৰি লয় । মানুহে বিভিন্ন ধৰণেৰে কণীক খাদ্যৰ অংশ হিচাপে গ্ৰহণ কৰে । অৱশ্যে ইয়াক সিজাই খোৱাটো আটাইতকৈ সাধাৰণ উপায় । যদি আপুনিও সিজোৱা কণী খাই ভাল পায়, তেন্তে ইয়াৰ উপকাৰিতাৰ বিষয়েও জানি লওক-

What happens if you eat boiled eggs every morning?
সিজোৱা কণী আপোনাৰ প্ৰিয় নেকি ? তেন্তে নিশ্চয় পঢ়ক এই প্ৰতিবেদন
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:11 PM IST

দেওবাৰেই হওক বা সোমবাৰেই হওক, প্ৰতিদিনে কণী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে তথা এই বিষয়ে আমি সকলোৱে নিশ্চয় আমাৰ শৈশৱতে শুনিছো ৷ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কণী স্বাস্থ্যৰ বাবে কোনো মূল্যৱান সম্পদতকৈ কম নহয় ৷ এই কাৰণেই ইয়াক পুষ্টিৰ শক্তিশালী স্থান হিচাপে গণ্য কৰা হয় ৷ ভিটামিন A, D, B12, ৰাইবোফ্লেভিন আৰু চেলেনিয়ামৰ দৰে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস ৷

ইয়াত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে হাড়ৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ ৷ মানুহে ইয়াক বিভিন্ন ধৰণেৰে খাদ্যৰ অংশ কৰি তোলে ৷ কিছুমানে অমলেট বনাই খাবলৈ ভাল পায়, আন কোনোৱে ভূৰজীৰ ৰূপত খাবলৈ ভাল পায় ৷ অৱশ্যে বহুতে সিজোৱা কণী খাবলৈও ভাল পায় ৷ যদি আপুনিও সিজোৱা কণীৰ প্ৰতি আকৰ্ষিত, তেন্তে ইয়াৰ কিছুমান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

চকুৰ বাবে উপকাৰী

সিজোৱা কণীত লুটিন আৰু জিএক্সান্থিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যি চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ ইয়াত উপস্থিত এই যৌগবোৰে বয়স বৃদ্ধিৰ লগে লগে চকুৰ সৈতে জড়িত সমস্যা যেনে কেটেৰেক্ট আদিৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও সিজোৱা কণীত থকা ভিটামিন এ চকুৰ দৃষ্টিশক্তি বৃদ্ধিত ফলপ্ৰসূ ৷

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক

যদিও কণীৰ কুহুমত কলেষ্টেৰল পোৱা যায়, তথাপিও কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে গোটা কণী কম পৰিমাণে খালে বেছিভাগ মানুহৰে কলেষ্টেৰল বৃদ্ধি নহয় ৷ ইয়াত পোৱা উচ্চ প্ৰ’টিন আৰু ওমেগা-৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদানে হৃদযন্ত্ৰক সুস্থ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কেৱল এয়াই নহয়, সপ্তাহত সাতটা সিজোৱা কণী খালে কিছুমান প্ৰকাৰৰ ষ্ট্ৰোক প্ৰতিৰোধ কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ৷

ওজন নিয়ন্ত্ৰণ কৰা

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে সিজোৱা কণী আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব ৷ আচলতে সিজোৱা কণী খালে পেটটো দীৰ্ঘ সময়লৈ ভৰি থকা যেন অনুভৱ হ’ব, যাৰ ফলত অতিৰিক্ত খাদ্য গ্ৰহণ কৰিব নোৱাৰিব, যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হ’ব ৷

চুলি আৰু ছালৰ বাবে উপকাৰী

সিজোৱা কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু বিভিন্ন ভিটামিন থাকে, যিয়ে ছাল আৰু চুলি সুস্থ কৰি তোলাত সহায় কৰে ৷ ইয়াত থকা বায়টিনে চুলি আৰু নখ শক্তিশালী আৰু সুস্থ কৰি ৰখাৰ লগতে ছালৰ টেক্সচাৰ আৰু চুলিৰ বৃদ্ধি উন্নত কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াত থকা পটাছিয়ামে ছালখনক ব্ৰণ, দাগ আৰু টেনিঙৰ পৰা উপশম দিয়াত সহায় কৰে ৷

মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী

কণীত কলিন নামৰ এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান থাকে, যিটো আপোনাৰ মগজুৰ স্বাস্থ্য আৰু স্মৃতিশক্তি বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ৷ কণীৰ কুহুম পুষ্টিৰ এক উত্তম উৎস, যিয়ে মগজুৰ কোষ আৰু স্মৃতিশক্তিৰ সৈতে জড়িত কাৰ্যসমূহৰ মাজত যোগাযোগ বৃদ্ধি কৰাত সহায় কৰে

লগতে পঢ়ক: Eggs and Diabetes: ডায়েবেটিছ ৰোগীৰ বাবে কণী খোৱাটো কিমান নিৰাপদ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.