ETV Bharat / sukhibhava

Dieting Side Effects: ওজন কমাবলৈ ডায়েটিং কৰিছে নেকি! হ’ব পাৰে স্বাস্থ্যৰ এই ক্ষতি

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:09 PM IST

আজিকালি ওজন কমাব বিচৰা বেছিভাগ মানুহেই ডায়েটিং খুবেই অনুসৰণ কৰে, গতিকে বহুতৰে বাবে ই এক ট্ৰেণ্ডলৈ পৰিণত হৈছে । কিন্তু আপুনি জানেনে যে অত্যধিক ডায়েটিং কৰিলে কেৱল এক নহয়, অনেক স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ? এই প্ৰতিবেদনত আমি এই বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো ।

What are the problems with weight loss diets?
ওজন কমাবলৈ ডায়েটিং কৰিছে নেকি! হ’ব পাৰে স্বাস্থ্যৰ এই ক্ষতি

ওজন কমাব বিচৰা লোকসকলে ৱৰ্কআউটৰ লগতে ডায়েটিঙো অনুসৰণ কৰে ৷ কিন্তু তাতোকৈ আমোদজনক কথাটো হ’ল ডায়েটিং এতিয়া এটা ট্ৰেণ্ডত পৰিণত হৈছে, যিটো সকলোৱে মানি চলিছে ৷ উৎসৱ উপলক্ষে যদি আপুনি আপোনাৰ আত্মীয়ক মিঠাই খুৱায় তেন্তে তেওঁলোকৰ মাজত নিশ্চয় এজন ব্যক্তি থাকিব যিয়ে ডায়েটিংৰ দোহাই দি মিঠাই খাবলৈ অস্বীকাৰ কৰিব ৷ যিহেতু এই ধাৰাটো শেহতীয়াকৈ ইমানেই বৃদ্ধি পাইছে যে এতিয়া ইয়াৰ পৰা মুক্তি পোৱাটো কঠিন হৈ পৰিছে ৷

আমাৰ বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসে মেদবহুলতাকে ধৰি বহু ৰোগৰ মূল কাৰণ ৷ ইয়াৰ বাবেই ডায়েটিং কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ কিন্তু আপুনি জানেনে যে, ডায়েটিং কৰিলে মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ অন্য ক্ষতিকাৰক দিশ সমূহৰ বিষয়ে জানি লওক...

লেহেমীয়া বিপাকীয় ক্ৰিয়া

আমেৰিকাৰ স্বাস্থ্য সংস্থা নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ গৱেষণাৰ মতে, অত্যধিক ডায়েটিঙে বিপাকীয় তন্ত্ৰত বেয়াকৈ প্ৰভাৱ পেলায় ৷ ইয়াৰ বাবে আমাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় ৷ ইয়াৰ কাৰণ হ’ল শৰীৰত উপস্থিত থকা লেপ্টিন হৰম’ন যিয়ে মানুহক ভোক অনুভৱ কৰায় ৷

মূৰৰ বিষ

বহু মাহ ধৰি ডায়েট পালন কৰিলেও মূৰৰ বিষ হ’ব পাৰে ৷ সেয়েহে আপুনি সাৱধান হোৱাটো প্ৰয়োজন ৷

হজম শক্তি বেয়া

খাদ্যত থকা কেলৰিৰ পৰিমাণ কমি যোৱাৰ বাবে মানুহৰ পাচনতন্ত্ৰৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ৷ যদি শৰীৰত আঁহৰ অভাৱ হয়, তেন্তে কোষ্ঠকাঠিন্য, এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷

বৃক্কৰ পাথৰ

যেতিয়া আমি দীৰ্ঘদিন ধৰি ভোকত থকাৰ বাবে ওজন কমাবলৈ আৰম্ভ কৰো তেতিয়া আমাৰ মাত্ৰাত কলেষ্টেৰল মুক্ত হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে পিত্তথলীত কলেষ্টেৰলৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ বাবে পাথৰ হোৱাৰ আশংকাও বাঢ়ি যায় ৷ এই সময়ছোৱাত এজন ব্যক্তিয়ে পেটৰ ওপৰৰ অংশ আৰু পিঠিৰ বিষৰ সন্মুখীন হ’ব পাৰে ৷

লগতে পঢ়ক: Right Time To Bath: এই সময়ত স্নান কৰাটো হ’ব পাৰে বিপদজনক, সেয়ে ইয়াৰ উপযুক্ত সময় জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.