ETV Bharat / sukhibhava

Cauliflower: আপোনাৰ শৰীৰৰ এই সমূহ অংগৰ বাবে ক্ষতিকাৰক ফুলকবি

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:14 AM IST

ফুলকবি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু যদি আপুনি ইয়াক জোখতকৈ অধিক পৰিমাণে সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে । এই বিষয়ে বিতংভাৱে জানো আহক...

What are the most common side effects of eating cauliflower?
ফুলকবিত থকা ৰেফিন’জ আপোনাৰ এই অংগৰ বাবে ক্ষতিকাৰক

ফুলকবি হৈছে আমাৰ পাকঘৰত প্ৰায়েই ব্যৱহৃত হোৱা এবিধ অতি জনপ্ৰিয় পাচলি ৷ ইয়াক বহু ধৰণে পৰিবেশন কৰিব পৰা যায়, কিছুমান মানুহে যদি ইয়াৰ পৰঠা খাবলৈ ভাল পায়, তেনেহ’লে আন কিছুমানে আকৌ ইয়াক তৰকাৰী হিচাপে খাবলৈ ভাল পায় ৷

ফুলকবিত পুষ্টিকৰ উপাদানৰ অভাৱ নাই বাবে ইয়াক স্বাস্থ্যসন্মত পাচলি বুলিও গণ্য কৰা হয় ৷ ইয়াক গ্ৰহণ কৰিলে শৰীৰে ফাইটোনিউট্ৰিয়েণ্ট আৰু এন্টিঅক্সিডেন্টকে ধৰি বহুতো পুষ্টিকৰ উপাদান লাভ কৰে ৷ ইয়াক গ্ৰহণ কৰিলে ভাল টোপনি অহাত সহায় হয়, পেশীবোৰ সুস্থ হৈ থাকে আৰু স্মৃতিশক্তি বৃদ্ধি পায় ৷ ইমানবোৰ উপকাৰিতা পোৱাৰ পিছতো আমি ফুলকবি সীমিত পৰিমাণেহে খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ কিছুমান অসুবিধাও আছে ৷

ফুলকবি বেছিকৈ খোৱাৰ অসুবিধা

১/ পেটৰ সমস্যা

ফুলকবিৰ দৰে ক্ৰুচিফেৰাছ শাক-পাচলিত এবিধ বিশেষ ধৰণৰ চেনি থাকে, যাৰ নাম ৰেফিন’জ, যিটো সহজে ভাঙি নাযায় ৷ বৃহদান্ত্ৰত উপস্থিত বেক্টেৰিয়াই ইয়াক কিম্বন কৰে, যাৰ ফলত গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাই দেখা দিব পাৰে ৷ সেইবাবেই সীমিত পৰিমাণেহে ফুলকবি খাব লাগে ৷

২/ হাইপোথাইৰয়ডিজম

থাইৰয়ড গ্ৰন্থিয়ে আমাৰ শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামত সহায় কৰে, যদি এই গ্ৰন্থিয়ে কম হৰম’ন নিৰ্গত কৰে তেন্তে এই অৱস্থাক হাইপোথাইৰয়ডিজম বোলা হয় ৷ ফুলকবি বেছি পৰিমাণে খালে থাইৰয়ড গ্ৰন্থিৰ ওপৰত যথেষ্ট চাপ পৰে ৷ গতিকে নিশ্চিতভাৱে ডায়েটিচিয়ানৰ পৰামৰ্শ লওক ৷

৩/ এলাৰ্জী

ফুলকবি খোৱাৰ পিছত বহুলোকে এলাৰ্জি সন্মূখীন হ’বলগীয়া হয় ৷ ইয়াৰ ভিতৰত ছালৰ খজুৱতি, ফুলা আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱা সমস্যাই দেখা দিয়ে ৷ তেনে কোনো লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক ৷

৪/ আভোক ভাৱ

ফুলকবিত কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ পৰিমাণ কম হোৱা দেখা যায় যদিও ইয়াত আঁহৰ পৰিমাণো প্ৰচুৰ পৰিমাণে থাকে, যাৰ ফলত দীৰ্ঘদিন ধৰি ভোক অনুভৱ নহয় আৰু ইয়াৰ জৰিয়তে ওজন কমাব পাৰি, কিন্তু এই পদ্ধতি গ্ৰহণ কৰিলে সম্ভৱ যে আপোনাৰ ভোক কমি যাব ৷

লগতে পঢ়ক: World Lymphoma Awareness Day 2023: কি হয় লিম্ফোমা ৰোগ ? ইয়াৰ পৰা কেনেকৈ আৰোগ্য লাভ কৰিব পাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.