ETV Bharat / sukhibhava

IVF: সন্তানহীনতাৰ কাৰণ তথা ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক ? - সন্তানহীনতা

সন্তানহীনতাৰ কাৰণ সমূহ কি কি হ'ব পাৰে ৷ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সন্তানহীনতাৰ কাৰণসমূহ কি কি? ইয়াৰ চিকিৎসা কি ? এই সন্দৰ্ভত জনালে আই ভি এফ বিশেষজ্ঞ ডাঃ জুতিমালা ভট্টাচাৰ্যই ৷

IVF care
সন্তানহীনতাৰ কাৰণ তথা ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক ?
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:32 PM IST

আই ভি এফ বিশেষজ্ঞ ডাঃ জুতিমালা ভট্টাচাৰ্য

সম্প্ৰতি সন্তানহীনতাৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ বিশ্বত ৬০-৮০ নিযুত দম্পতী সন্তানহীনতাৰ সমস্যাত ভুগিছে ৷ এই সংখ্যাৰ ২৫ শতাংশই হৈছে ভাৰতীয় দম্পতী ৷ প্ৰত্যেক দম্পতীৰ ভিতৰত এহাল দম্পতী এই সমস্যাত ভোগাৰ ফলত এতিয়া ইয়াৰ হাৰ বৃদ্ধি পাইছে ৷ এনেদৰে সন্তানহীনতাৰ হাৰ বৃদ্ধি হোৱাৰ আঁৰত আছে বিভিন্ন কাৰণ ৷

সাধাৰণতে আমাৰ সমাজত যদিহে কোনো দম্পতীৰ ক্ষেত্ৰত সন্তানহীনতাই গা কৰি উঠে তেতিয়া পোনছাটে মহিলাগৰাকীক এইক্ষেত্ৰত দায়ী বুলি ভবা হয় ৷ অৰ্থাৎ মহিলাগৰাকীৰ কোনো শাৰীৰিক সমস্যা থকা বাবে সন্তান জন্ম হোৱা নাই বুলি ভাবে ৷ কিন্তু পুৰুষজনৰো যে সেই সমস্যা থাকিব পাৰে সেয়া নাভাৱে ৷

সন্তানহীনতাৰ কাৰণসমূহ কি কি ?

পুৰুষ-মহিলা দুয়োগৰাকীৰে সন্তানহীনতাৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে-

১) মহিলাসকলৰ ক্ষেত্ৰত বয়স গুৰুত্বপূৰ্ণ বিষয় ৷ যিমানেই বেছি বয়সত বিয়া হয় সিমানেই উৰ্বৰা শক্তি হ্ৰাস পায় ৷

২) কেতিয়াবা কিছুমান মহিলাই সঠিক সময়ত বিয়া হোৱাৰ পিছতো পৰিয়াল পৰিকল্পনা পলমকৈ কৰে ৷ অৰ্থাৎ বিভিন্ন কাৰণত নিৰ্দিষ্ট বয়স অৰ্থাৎ উৰ্বৰা শক্তি স্বাভাৱিক হৈ থকাৰ সময়ত পৰিকল্পনা নকৰি বেছি বয়সত কৰে ৷

৩) মহিলাসকলে নিয়মীয়াকৈ ধূমপান কৰিলেও এনেধৰণৰ সমস্যাই গা কৰি উঠে ৷

৪) নিয়মীয়াকৈ প্ৰচুৰ পৰিমাণে মদ্যপান কৰিলেও এনে সমস্যাৰ সৃষ্টি হয় ৷

৫) জীৱনশৈলীজনিত কাৰণত সন্তানহীনতাই গা কৰি উঠাও পৰিলক্ষিত হৈছে ৷

৬) মহিলাগৰাকীৰ টিউমাৰৰ সমস্যা থাকিলেও এই সমস্যা হ'ব পাৰে ৷

৭) এন্ডোমেট্ৰ'ছিছৰ সমস্যা এতিয়া বৃদ্ধি পাইছে ৷

৮) গৰ্ভাশয়ৰ সমস্যাৰ বাবেও এনে হয় ৷

৯) মহিলাগৰাকী মেদবহুল হ’লেও এনে হোৱা দেখা যায় ৷

১০) পি চি অ'ডিও হ'ব পাৰে সন্তানহীনতাৰ এটা কাৰণ ৷

১১) থাইৰয়ডৰ সমস্যাৰ থাকিলেও এনে হ'ব পাৰে ৷

আনহাতে পুৰুষ সকলৰ ক্ষেত্ৰত ধাতুদোষৰ বাবে সন্তানহীনতাই গা কৰি উঠে ৷ তদুপৰি বীৰ্যৰ কাউন্টৰ সমস্যা অৰ্থাৎ এই কাউন্ট কম হলেও সন্তান জন্ম দিয়াৰ সমস্যা হয় ৷ শৰীৰৰ চৰ্চা কৰা পুৰুষসকলে ষ্টেৰয়ড আদি ব্যৱহাৰ কৰাৰ ফলতো এনে হোৱাৰ আশংকা থাকে ৷ কেতিয়াবা পুৰুষ-মহিলা দুয়োগৰাকীৰে কোনো সমস্যা নথকাৰ পিছতো মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰে ৷

সন্তানহীনতাৰ চিকিৎসা ?

প্ৰথমে এটা নিৰ্দিষ্ট দম্পতী জীৱনধাৰণৰ পদ্ধতি বা লাইফ ষ্টাইলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷ ধূমপান, মদ্যপান, মানসিক চাপ আদিৰ পৰা কেনেদৰে নিজকে আঁতৰাব পাৰে সেইবিষয়ে পৰামৰ্শ আগবঢ়োৱা হয় ৷ নিদ্ৰাহীনতাৰ সমস্যাৰ পৰাও কেনেদৰে উপশম পাব পাৰি সেই ক্ষেত্ৰতো পৰামৰ্শ আগবঢ়ায় ৷ সময়মতে টোপনি যোৱাটো আৱশ্যক-

  • নিয়মীয়াকৈ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত ৷
  • মানসিক চাপৰ পৰা মুক্ত হ'বলৈ পুৱা ব্যায়াম কৰিব পাৰে ৷ আসন, যোগ আদি কৰিলেও মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰি ৷
  • পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত যিবোৰ কাৰণ দেখা যায় সেইবোৰৰ চিকিৎসা কৰা হয় ৷
  • টিউবব্লক থাকিলেও সেইটো খুলি দিয়া হয় ৷
  • আই অ আই পদ্ধতিৰেও চিকিৎসা কৰা হয় ৷
  • আই ভি এফ কৰা হয় যদিহে মহিলাগৰাকীৰ টিউব ব্লক থাকে ৷ আই ভি এফক টেষ্ট টিউব বেবী বুলিও কয় ৷

লগতে পঢ়ক: Skin Care Tips: ছালত বয়সৰ চাপ পৰাৰ পৰা পৰিত্ৰাণ পাবলৈ আজিৰে পৰাই খাবলৈ আৰম্ভ কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.