ETV Bharat / sukhibhava

Finger Tattoo: আঙুলিত ডিজাইনাৰ টেটু বনাব বিচাৰে নেকি ? কিন্তু প্ৰথমে ইয়াৰ বিপদ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:52 PM IST

শৰীৰৰ আন অংশতকৈ আঙুলিত টেটু কৰাৰ সময়ত অলপ বেছি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, অলপ অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

Want to make designer tattoos on your fingers ? But first know its dangers
আঙুলিত ডিজাইনাৰ টেটু বনাব বিচাৰে নেকি ? কিন্তু প্ৰথমে ইয়াৰ বিপদ জানি লওক

ফেশ্বনৰ এই যুগত টেটু কৰাৰ ধাৰা খুবেই বৃদ্ধি পাইছে যদিও এই শিল্পকলাক যুগ যুগ ধৰি গ্ৰহণ কৰি আহিছে যদিও সেই সময়ত ই ইমান সাধাৰণ নাছিল ৷ আজিকালি টেটু এটা ট্ৰেণ্ডলৈ পৰিণত হৈছে, মানুহে পিঠি, হাত, ভৰি, কঁকালত টেটু কৰাই ভাল পায়, কিন্তু কিছুদিনৰ পৰা আঙুলিত টেটু কৰাৰ ট্ৰেণ্ড বহুত বাঢ়িছে ৷ আঙুলিত টেটু কৰাৰ কথাটো অলপ বেলেগ ৷ ইয়াত বহুত সাৱধানতাৰ প্ৰয়োজন, যদি কিছুমান কথাৰ যত্ন লোৱা নহয় তেন্তে ই আপোনাৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷

আঙুলিৰ টেটু কৰাৰ সময়ত এইবোৰ কথা মনত ৰাখিব

গৱেষণা কৰক

আঙুলিৰ টেটু কৰাৰ আগতে অলপ গৱেষণা কৰাটো প্ৰয়োজনীয়, যিহেতু ই শৰীৰৰ এটা স্পৰ্শকাতৰ অংশ, গতিকে প্ৰথমে ছালৰ বিশেষজ্ঞক সুধিব যে ইয়াৰ দ্বাৰা তাত থকা ছালৰ ক্ষতি হ’ব নেকি ৷ লগতে টেটুটো বনোৱাৰ পিছত কেনেকুৱা হ’ব সেয়াও পৰীক্ষা কৰক ৷

বিষ হ’ব পাৰে

আমি কোৱাৰ দৰে আঙুলিৰ ওচৰৰ ছালখন সংবেদনশীল আৰু পাতল, সেয়েহে শৰীৰৰ আন অংশত টেটু কৰাতকৈ আঙুলিত টেটু কৰাটো অধিক কষ্টদায়ক ৷ সাৱধান হওক যাতে ছাল বা হাড়ৰ কোনো ক্ষতি নহয় ৷

এটা সাধাৰণ ডিজাইন বনাওক

আঙুলিৰ পৃষ্ঠভাগ বহুত কম থাকে, সেয়ে অধিক এক্সপেৰিমেন্ট কৰিব পৰা নাযায়৷ আপুনি এটা সহজ ডিজাইন বাছি লৈ এজন দক্ষ শিল্পীৰ দ্বাৰা এই টেটু বনাওক ৷

টেটু ফেড হোৱাৰ আশংকা

আমাৰ শৰীৰৰ আন অংশতকৈ আমাৰ আঙুলিত ঘৰ্ষণ বেছি হয় ৷ কাৰণ আমি দৈনন্দিন জীৱনৰ সকলো কাম হাতৰ সহায়ত কৰো ৷ ইয়াৰ বাহিৰেও আমি দিনটোত কেইবাবাৰো চাবোনেৰে হাত ধুওঁ, সেয়েহে আঙুলিত টেটু ম্লান হোৱাৰ আশংকা অধিক হয় ৷ কিছুমান মানুহে মাজে মাজে টাচ আপ কৰি থাকে ৷

লগতে পঢ়ক: Aloe Vera: কেৱল ছালেই নহয় চুলিৰ বাবেও সমানে উপকাৰী এল’ভেৰা; মাত্ৰ এনেদৰে কৰক ব্যৱহাৰ

লগতে পঢ়ক: Health Tips: আপুনি জলা খাদ্য খাই ভাল পায় নেকি ? তেন্তে ভুগিব পাৰে এই সমস্যাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.